ৰাজ্যত ৫২৭ টা জ্যোতিকেন্দ্ৰৰ ৮১৫ গৰাকী কৰ্মৰত শিক্ষাকৰ্মীক স্থায়ী নিযুক্তিৰ দাবী- জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মী সন্থা,অসমৰ

83

ষ্টাফৰিপৰ্টাৰ, স্থায়ী নিযুক্তি আৰু উপযুক্ত পৰিশ্ৰমিক বিচাৰি বিগত ১৮ বছৰে বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰে জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মী সন্থা (অসম)ই। বুধবাৰে সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেল যোগে সন্থাৰ সভাপতি মুনমুন চেতিয়াই এই অভিযোগ উত্থাপন কৰি কয় ‘ আমি বিগত ১৮ বছৰে স্থায়ী নিযুক্তি আৰু উপযুক্ত পৰিশ্ৰমিক বিচাৰি বিভাগীয় কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিলোঁ। বিগত ১৮ বছৰে আমি প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছোঁ। আমি অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মী আৰু শিক্ষাৰ অধিকাৰ আইন ২০০৯ অনুসৰি বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ বিশেষ ভাৱে নিযুক্ত শিক্ষক। সম্প্ৰতি সমগ্ৰ ৰাজ্যত ৫২৭ টা জ্যোতিকেন্দ্ৰ আছে আৰু ৮১৫ গৰাকী কৰ্মৰত শিক্ষাকৰ্মী আছে। জ্যোতিকেন্দ্ৰৰ পৰা প্ৰাথমিক বিদ্যালয়ত মূলসুঁতি কৰণ কৰা শিশুৰ সংখ্যা প্ৰায় এক লাখ ষাঠী হাজাৰ আৰু সম্প্ৰতি কেন্দ্ৰত অধ্যয়ণ কৰি থকা শিশুৰ সংখ্যা ২৫ হাজাৰৰো অধিক। বৰ্তমান সময়ত আমাৰ মাহিলী পৰিশ্ৰমিক মাত্ৰ ৬,৫০০ টকা। আমি বিগত ১৮ বছৰে শিক্ষাৰ পৰা বঞ্চিত শিশু শ্ৰমিক সকলক শিক্ষাদান কৰি ভৱিষ্যতৰ মানৱ সম্পদ গঢ়ি তোলাৰ দৰে এক ভয়ানক অপৰাধ কৰিছোঁ। যাৰ শাস্তি হিচাপে বিভাগে এজন দিন হাজিৰা কৰা ব্যক্তিতকৈও কম পাৰিশ্ৰমিক দি পেটে-ভাতে খাই থাকিব পৰাকৈও আমাক সক্ষম কৰি ৰখা নাই। সেয়েহে তিলতিল কৈ শাস্তি দি জীয়াই ৰখাতকৈ বিভাগে যেন আমাক একেবাৰেই মৃত্যু দণ্ডৰে দণ্ডিত কৰক। আমাক মৃত্যদণ্ডৰে দণ্ডিত কৰিবলৈ ইতিমধ্যে
মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু মিছন সঞ্চালকক একোখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ।তেওঁলোকে আমাক মৃত্যু দিয়াৰ আগমুহূৰ্ত্তত ১৫ আগষ্টৰ ভিতৰত আমাৰ এক বৈঠক অনুষ্ঠিত কৰি আমাৰ সমস্যা সম্পৰ্কে অৱগত কৰাব বিচাৰিছোঁ। অসম সৰ্বশিক্ষা অভিযান মিছনৰ প্লেনিং অফিচাৰ তুষাৰ গোস্বামী, শিক্ষক প্ৰশিক্ষণৰ বিষয়া সুৰজিত কলিতা, নন্দিতা মেধি, মুজাফৰ আলি, ৰাজ্যিক আঁচনিৰ বিশেষ প্ৰশিক্ষণ বিভাগৰ বিষয়া ৰেবতি মোহন কাকতি আদি বিষয়াৰ কু-অভিসন্ধি আৰু চক্ৰান্তৰ বাবে আমি প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছোঁ। গতিকে ১৫ আগষ্টৰ ভিতৰত আমাৰ সৈতে কোনো ধৰণৰ বৈঠক অনুষ্ঠিত নকৰে তেতিয়া হলে আমি ইচ্ছা মৃত্যু বিচাৰি ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিম।’