ৰাজ্যত বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ ২১৭০ জনক…

296

অসম আৰক্ষীৰ মুখপাত্ৰ প্ৰশান্ত কুমাৰ ভূঞাই শনিবাৰে কয় যে ৰাজ্যত বাল্য বিবাহ সম্পৰ্কীয় গোচৰত মুঠ ২,১৭০জনক গ্ৰেপ্তাৰ কৰা হৈছে।

সাংবাদিকৰ আগত ভূঞাই কয় যে, “বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি পাইছে। আজি পুৱালৈকে সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে ২,১৭০ জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰু ই আৰু বৃদ্ধি পাব।”

ইয়াৰ পূৰ্বে কালি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ বিভিন্ন থানাত বাল্যবিবাহ সম্পৰ্কীয় ৪০৭৪টা গোচৰ পঞ্জীয়ন হোৱা বুলি অৱগত কৰে।

ধৃতসকলৰ ভিতৰত ৫২ জন পুৰোহিত আৰু কাজী বুলিও সিঙে জনায়।

তেওঁ লগতে কয় যে ধুবুৰী, বৰপেটা, কোকৰাঝাৰ আৰু বিশ্বনাথ জিলাৰ পৰা সৰ্বাধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ডিজিপিয়ে আৰু অৱগত কৰে যে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ৰাজ্যত বাল্যবিবাহৰ প্রচণ্ড সংক্রমণ সন্দর্ভত ইনপুট পোৱাত আৰক্ষীক তদন্ত কৰিবলৈ নির্দেশ দিছে৷

অধিকাংশ গোচৰ POCSO আইন আৰু IPC ধাৰাত বিভিন্ন বিধানৰ অধীনত পঞ্জীয়ন কৰা হৈছে আৰু আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ডিজিপি সিঙে জানিবলৈ দিয়ে।