বাৰিষাৰ বানে বুৰাইছে ৰাজ্যৰ কেইবাখনো জিলা। ইতিমধ্যে বিশ্বনাথ, বঙাইগাঁও, চিৰাং, ধেমাজি আৰু ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ। বহু পৰিয়াল গৃহহীন হৈ পৰিছে। বানে ধ্বংস কৰিছে লহপহকৈ বাঢ়ি অহা খেতি পথাৰসমূহ।
চৰকাৰী তথ্যনুসৰি, বানাক্ৰান্ত ৫ খন জিলাত বানৰ কৱলত পৰিছে ২১,৪৪৭ জন লোক। তাৰ বিপৰীতে ৩১৯৮.৬৬ হেক্টৰ কৃষিভূমি বিনষ্ট কৰিছে বানে। তদুপৰি ৱি জিলা কেইখনত ১৬,৭০৮ টা জন্তুও বানৰ কৱলত পৰিছে। অৱশ্যে বানত এতিয়ালৈকে কোনো লোকৰ প্ৰাণহানি হোৱা নাই।
ইফালে জিলাসমূহত বানৰ ফলত আবদ্ধ হৈ থকা লোকসকলৰ উদ্ধাৰৰ বাবে ঠায়ে ঠায়ে অৰ্ধ সামৰিক বাহিনী আৰু এনডিআৰএফ বাহিনীক মোতায়েন কৰা হৈছে। তদুপৰি ৫ খন জিলাত ১৮ টাকৈ সাহায্য শিবিৰ স্থাপন কৰি বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী,ঔষধ আদি বিতৰণ অভিযান অব্যাহত ৰখা হৈছে।