ৰাজ্যত পুনৰ ৬৩৯৪জন কোৰোনাত আক্ৰান্ত…

71
প্ৰতীকাত্মক ফটো

ৰাজ্যত অব্যাহত আছে কোৰোনা মহামাৰীৰ ভয়াবহ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত ৰাজ্যত পুনৰ ৬৩৯৪জন কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে এই সময়ছোৱাত মৃত্যুমুখত পৰে ৯২ জন কোভিড ৰোগী।

স্বাস্থ্য বিভাগে সদৰী কৰা মতে, সোমবাৰৰ দিনটোত ১১০০জন কামৰূপ মেট্ৰ’ত, ৫০২জন কামৰূপ গ্ৰাম্যত, ৪৫৯জন ডিব্ৰুগড়ত আৰু ৪৩০জন নগাঁৱত কোভিড আক্ৰান্ত হয়। এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৩৫০২৩জনলৈ বৃদ্ধি পাইছে। আনহাতে কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৪৯৪২জন ৰোগী।