ৰাজ্যত পুনৰ ৬২৮৫ জন কোৰোনাত আক্ৰান্ত, ৮৫ জনৰ মৃত্যু

73
প্ৰতীকাত্মক ফটো

ৰাজ্যত অব্যাহত আছে মহামাৰী কোৰোনাৰ আতংক। মঙলবাৰৰ দিনটোত ৰাজ্যত পুনৰ ৬২৫৮ জন এই মহামাৰীত আক্ৰান্ত হৈছে। আনহাতে বিগত এটা দিনত কোভিড আক্ৰান্ত হৈ ৰাজ্যত মৃত্যু ঘটিছে ৮৫ জনকৈ লোকৰ।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰত ১৫৮৫জন, ৫২৭জন কামৰূপ গ্ৰাম্যত, ৫০৭জন ডিব্ৰুগড়ত আৰু ৩১৩ জন নগাঁৱত আক্ৰান্ত হৈছে। ৰাজ্যখনত মঙলবাৰৰ দিনটোত সুস্থ হয় ৪৪০৯জন লোক। এতিয়াও অসমত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৯২৬৪জন ৰোগী।