ৰাজ্যত পুনৰ ৫৬২৬জন কোভিড পজিটিভ, ৪৭জনৰ মৃত্যু

56

সমগ্ৰ দেশৰ লগতে অসমত ভয়াবহ হাৰত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত পুনৰ ৫৬২৬ জন লোক কোৰোনা মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে এই মহামাৰীত প্ৰাণ হেৰুৱায় ৪৭ জনে।

স্বাস্থ্য বিভাগে সদৰী কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত কামৰূপ মহানগৰত ১৫৫১ জন, কামৰূপ গ্ৰাম্যত ৪৭৪জন, ডিব্ৰুগড়ত ৪৫৩ জন আৰু নগাঁৱত ২৯৪ জনৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ। ইফালে, শুকুৰবাৰে ৰাজ্যত সুস্থ হৈছে ৩২৬২জন লোক। এতিয়াও ৰাজ্যত চিকিৎসাধীন হৈ আছে ৩৪১৪৬জন ৰোগী।