ৰাজ্যত পুনৰ ৪৫৪৮জন কোভিড পজিটিভ, ৫৪জনৰ মৃত্যু

69

কোৰোনাৰ আতংক ৰাজ্যত অব্যাহত আছে। শুকুৰবাৰৰ দিনটোত ৰাজ্যত পুনৰ ৪৫৪৮জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। স্বাস্থ্য বিভাগৰ মতে, শুকুৰবাৰৰ দিনটোত ৪২১জন কামৰূপ মেট্ৰ’, ৩৫৯জন তিনিচুকীয়া, ৩৫৩ জন নগাঁও আৰু ৩২৩জন ডিব্ৰুগড়ত আক্ৰান্ত হৈছে।

ইফালে বিগত ২৪ ঘণ্টাত ৰাজ্যত পুনৰ ৫৪ জন কোভিড ৰোগীৰ মৃত্যু ঘটিছে। তাৰ মাজতে ভাল খবৰ এয়ে যে, শুকুৰবাৰৰ দিনটোত ৰাজ্যখনত সুস্থ হৈ উঠিছে ৪২৬৩জন লোক। অসমত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫০৭৬৫জন ৰোগী।