অসমত পুনৰ ৩৫১জন কোভিড পজিটিভ। ইয়াৰে ১৬৪জন কামৰূপ মেট্ৰ’ৰ, ২২জন হোজাইৰ, ২১জন কামৰূপ গ্ৰাম্যৰ আৰু ১৬জন যোৰহাটৰ।
ইফালে, এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১২৭০জন ৰোগী। সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৫৩জন লোক।
উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ২জন লোকৰ মৃত্যু হয়।
