অসমত শুক্ৰবাৰে পুনৰ ১৭৫ জন কোৰোনাত নতুনকৈ আক্ৰান্ত হয়। আনহাতে ৰাজ্যত বৰ্তমান সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হৈছে ১,৪৪৪ জন। অসমৰ পজিটিভৰ হাৰ হৈছে ০.৫৪ শতাংশ।
ৰাজ্যিক ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ২১৯ জন কোভিড ৰোগী সুস্থ হৈ উঠিছে। আনহাতে আজি কোনো মৃত্যুৰ খবৰ পোৱা হোৱা নাই।
যোৱা ২৪ ঘণ্টাত কৰা ৩২,৩৪৪ টা পৰীক্ষাৰ ভিতৰত সৰ্বাধিক ঘটনা কামৰূপ মেট্ৰ’ (৯২), বৰপেটা (৯), দৰং (৮), আৰু ডিব্ৰুগড় (৮)ৰ পৰা পোৱা গৈছে।
