ৰাজ্যত পুনৰ ১৩৪ জন কোভিড পজিটিভ, বৃদ্ধি পাইছে সুস্থতাৰ হাৰ

72

ৰাজ্যত পুনৰ কোভিডত আক্ৰান্ত হৈছে ১৩৪ জন। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্যনুসৰি, বৰ্তমান অসমত সক্ৰিয় কোৰোনা ৰোগীৰ সংখ্যা হৈছে ১,১৯৪ জন। ৰাজ্যত পজিটিভিটি হাৰ হৈছে ০.৪১ শতাংশ।

ইফালে যোৱা ২৪ ঘন্টাত ৰাজ্যত ১৫৮ জন ৰোগীয়ে কোভিডৰ পৰা আৰোগ্য লাভ কৰে। সুস্থতাৰ হাৰ হৈছে ৯৮.৬০ শতাংশ। এই সময়ছোৱাত এজন লোকৰো কোভিডৰ ফলত মৃত্যু হোৱা নাই।

যোৱা ২৪ ঘণ্টাত কৰা ৩২,৪২৮ টা পৰীক্ষাৰ ভিতৰত ধৰা পৰা কোভিড ৰোগীৰ ভিতৰত সৰ্বাধিক ঘটনা কামৰূপ মেট্ৰ’ (৭৭), যোৰহাট (৭), কামৰূপ গ্ৰাম্য (৬), আৰু লখিমপুৰ (৫)ত ধৰা পৰে।