ৰাজ্যত পুনৰ ১২৪ জন কোভিড পজিটিভ, ৩ জনৰ মৃত্যু

71

গুৱাহাটীঃ অসমত হ্ৰাস পাইছে কোভিড সংক্ৰমণ। ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে অসমত ১২৪ জন লোক কোৰোনাত আক্ৰান্ত হয়। আনহাতে এই সময়ছোৱাত কোভিডত প্ৰাণ হেৰুৱায় ৩ জন লোকে।

ৰাজ্যত কোভিড আক্ৰান্তৰ মুঠ সংখ্যা ৬,১৭,১৬৩ লৈ বৃদ্ধি পাইছে। আনহাতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৬,১১১ জনলৈ।

বিগত ২৪ ঘণ্টাত আক্ৰান্ত ১২৪ টা নতুন ঘটনাৰ ভিতৰত ৬০ টা কামৰূপ মেট্ৰ’পলিটানৰ, ১৩ জন কামৰূপৰ (গ্ৰাম্য), নগাঁৱৰ ৯ জন আৰু যোৰহাটত ৭ জন আক্ৰান্ত হয়।

আনফালে, ৰাজ্যখনত বৰ্তমান ১,১৮৮ জন সক্ৰিয় কোভিড-১৯ ৰোগী আছে। বৃহস্পতিবাৰে ১৯৮ জনসহ ৬,০৮,৫১৭ জন লোক এই ৰোগৰ পৰা আৰোগ্য হৈছে। কোভিডৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৬০ শতাংশলৈ বৃদ্ধি পাইছে।