ৰাজ্যত পুনৰ ১০৬৫ জন কোভিড পজিটিভ, ১৯ জনৰ মৃত্যু

87

গুৱাহাটীঃ ৰাজ্যত কোভিড সংক্ৰমণৰ হাৰ পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। ৰাজ্যিক স্বাস্থ্য বিভাগে সদৰী কৰা তথ্য মতে, বুধবাৰৰ দিনটোত অসমৰ পুনৰ ১০৬৫ জনৰ দেহত কোভিড ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে। যাৰ পৰিপ্ৰেক্ষিতত অসমত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৰ্তমান ৫৭০৫০৪জনলৈ বৃদ্ধি পাইছে।

ইফালে যোৱা ২৪ ঘণ্টাত ৰাজ্যত পুনৰ ১৯ জন লোকে কোভিডৰ ফলত প্ৰাণ হেৰুৱায়। বিগত এটা দিনত কামৰূপ মহানগৰ জিলাত ১৮১ জন, লখিমপুৰত ৭১ জন, বৰপেটাত ৬৩ জন আৰু নলবাৰীত ৫৬ জন সৰ্বাধিক কোৰোনাত আক্ৰান্ত হয়।

কিন্তু সুখৰ খবৰ এয়ে যে, বুধবাৰৰ দিনটোত ৰাজ্যত কোভিডক পৰাভূত কৰি সুস্থ হৈ উঠে ১২৬৩ জন লোকে। বৰ্তমানেও ৰাজ্যত চিকিৎসাধীন হৈ আছে ১০৮৭৬জন কোভিড ৰোগী।