ৰাজ্যত পুনৰ সংঘটিত এনকাউণ্টাৰৰ ঘটনা। সোমবাৰে নিশা গুৱাহাটীৰ গড়চুকত আৰক্ষীৰ গুলীচালনাত এজন ড্ৰাগছ সৰবৰাহকাৰী আহত হয়।
আঘাতপ্ৰাপ্ত ড্ৰাগছ পেডলাৰজনক টেজাৰ আলী বুলি চিনাক্ত কৰা হৈছে। তেওঁক সোমবাৰে এটা আন্তৰ্জাতিক ড্ৰাগছ চোৰাং ব্যৱসায়ৰ গোচৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ব্যক্তিজন অবৈধ নিষিদ্ধ সামগ্ৰীৰ সৈতে সম্পৰ্কিত অপৰাধত জড়িত আছিল আৰু গুৱাহাটীত তেওঁৰ পত্নীৰ সৈতে অবৈধ ব্যৱসায় চলাই আহিছিল।
ইফালে, ড্ৰাগছ সৰবৰাহৰে জড়িত ঘাটি দেখুৱাবলৈ অভিযুক্ত জনক নিশা আৰক্ষীয়ে লৈ অহাৰ সময়তে পলায়নৰ চেষ্টা চলায়। যাৰ ফলত আৰক্ষীয়ে গুলিচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰোঁতে টেজাৰৰ ভৰিত গুলী লাগিছিল।
অভিযুক্তজনক লগে লগে চিকিৎসাৰ বাবে জিএমচিএইচলৈ লৈ যোৱা হয়। আনহাতে অভিযুক্তক পত্নী আৰক্ষীৰ ৰাডাৰত আছে আৰু সোনকালেই গ্ৰেপ্তাৰ হ’ব পাৰে।
উল্লেখ কৰিব পাৰি যে মণিপুৰৰ পৰা বাংলাদেশলৈ নিষিদ্ধ ড্ৰাগছ প্ৰেৰণ কৰা চোৰাং ব্যৱসায়ী চক্ৰত জড়িত থকাৰ ভিত্তিত টেজাৰক গ্ৰেপ্তাৰ কৰা হৈছিল।
