ৰাজ্যত নতুন ৰাজনৈতিক দল ‘আঞ্চলিক গণ মৰ্চা’

102

ষ্টাফৰিপৰ্টাৰ, ১৯ জুন : ২০২১ চনৰ বিধানসভা নিৰ্বাচন প্ৰাক্ মুহূৰ্তত ৰাজ্যত কেবাটাও আঞ্চলিক ৰাজনৈতিক দ’লৰ যৌথ প্ৰচেষ্টাত আত্মপ্ৰকাশ হ’ল ‘আঞ্চলিক গণ মৰ্চা’। ৰাজ্য সভাৰ সাংসদ অজিত ভূঞাৰ নেতৃত্বত গঠন হৈছে ‘আঞ্চলিক গণ মৰ্চা’ নামৰ নতুন ৰাজনৈতিক দলটো।শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে মঞ্চই ৷
এই ক্ষেত্ৰত অসমৰ জাতীয়তাবাদী নেতাৰ স’তে লগলাগি শীঘ্ৰে মিলিত হ’ব এক আলোচনা চক্ৰত ৷
দলটোৰ মূল উদ্দেশ্য হৈছে আগন্তুক নিৰ্বাচনত বিজেপিক গাদীচ্যুত কৰা ৷ এই দলটোৰ জৰিয়তে জাতীয় সংগঠন, শিল্পী সমাজৰ লগত আলোচনাত মিলিত হ’ব নতুন ৰাজনৈতিক দলৰ বিষয়ববীয়া৷ জাতীয়বাদত বিশ্বাসী লোকৰ স’তে যোগাযোগ কৰিব মঞ্চই ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এই মৰ্চাৰ অন্তভুক্ত হ’ব বিচাৰিলে বিবেচনা কৰিব বুলিও কয় এই দলটোৱে ৷”