গৰু বিহুৰ নিশাই ৰাজ্যত ধুমুহাৰ তাণ্ডৱ।
ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহাই কৰিলে বিস্তৰ ক্ষতিসাধন।
বিজনীত চাৰিচকীয়া বাহনৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ।
বিজনীৰ ঘোষপাৰাস্থিত বিপিএফ কাৰ্যালয়ৰ সমীপত সংঘটিত হয় এই অঘটন।
AS 01DK 5098 নম্বৰৰ চাৰি চকীয়া বাহনত পৰিল প্ৰকাণ্ড গছ।
অৱশ্য এই ঘটনাত কোনো লোকৰ আঘাতপ্ৰাপ্ত হোৱা নাই।
ঘটনাৰ সময়ত সৌভাগ্যক্ৰমে কোনো লোক নাছিল বাহনৰ ভিতৰত।
