ৰাজ্যত ইটোৰ পিছত সিটো ভূমিকম্পৰ জোকাৰণি।
আজি ১০.৩০ বজাত পুনৰ এবাৰ ৰাজ্যত অনুভূত হয় জোকাৰণি।
ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৩.৬ মেগনিটিউড।
ভূমিকম্পটোৰ মূল অভিকেন্দ্ৰ শোনিতপুৰ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, বিগত এসপ্তাহৰ ভিতৰত ১০টাতকৈ অধিক ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।
ভূমিকম্পৰ জোকাৰণিক লৈ আতংকিত ৰাজ্যবাসী।