ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা।এইবাৰ জোনাইত চোৰাং কাঠৰ ৰমৰমীয়া বেহা অব্যাহত আছে। উল্লেখযোগ্য যে শুকুৰবাৰে নিশা অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জোনাই ৰুকচিন চেকগেটৰ সমীপত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মীয়ে ৰাইজৰ সহযোগত চোৰাং কাঠ ভৰ্তি ১৬ চকীয়া বাহন এখন ধৰা পেলায়।জানিব পৰামতে অৰুণাচল প্ৰদেশৰ পাচিঘাট-নিকলকৰ পৰা প্ৰায় ৪০ চি এম চোৰাং কাঠ কঢ়িয়াই লৈ অহা ১৬ চকীয়া বাহন এখন অৰুণাচল প্ৰদেশৰ ৰুকচিন চেকগেট পাৰ হোৱাৰ পিছতে অসম সীমান্তত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু জোনাই স্থানীয় ৰাইজে জব্দ কৰি জোনাই আঞ্চলিক বন বিভাগক গতাই দিয়ে।
