ৰাজ্যজুৰি বিতৰ্কৰ পিছতে অৱশেষত ‘লভিতা’ মঞ্চস্থ নকৰাৰ সিদ্ধান্ত আৱাহন থিয়েটাৰৰ…

178

অৱশেষত আৱাহন থিয়েটাৰৰ মঞ্চত “লভিতা”ক মঞ্চস্থ নকৰাৰ সিদ্ধান্ত।

ৰাজ্যজুৰি চলা বিতৰ্কৰ পিছতে এই সিদ্ধান্ত থিয়েটাৰ খনৰ কৰ্তৃপক্ষৰ।

ফেচবুক পোষ্টযোগে এই কথা জনালে অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে।

ৰাইজৰ সিদ্ধান্ত মানি লৈ আৱাহনৰ মঞ্চৰ পৰা লভিতা নামৰ নাটকখনি আঁতৰোৱাৰ কথা জনালে প্ৰস্তুতি পৰাশৰে।

বিতৰ্ক সৃষ্টিৰে দৰ্শক সৃষ্টি কৰাৰ কোনো অভিপ্ৰায় নাছিল বুলিও মন্তব্য অভিনেত্ৰী গৰাকীৰ।

এই সমগ্ৰ বিষয়টো ৰাজনীতিৰ মেৰপাকলৈ টানি নি অন্তৰত আঘাত নিদিবলৈও অনুৰোধ প্ৰস্তুতি পৰাশৰৰ।

উল্লেখ্য যে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক লভিতাক বিকৃত ৰূপ প্ৰদান কৰি অভিজিত ভট্টাচাৰ্যই নিজৰ নামেৰে লিখিছিল লভিতা নামৰ আন এখন নাটক।

কিন্তু আৱাহনৰ মঞ্চত এই নাটকখন মঞ্চস্থ হোৱাৰ পিছতে জাঙুৰ খাই উঠিছিল নাট্যপ্ৰেমী।