ৰাজ্যজুৰি পৰিবেশ দিৱস পালন

210

বিশ্ব পৰিবেশ দিৱসৰ কাৰ্যসূচীত অংশ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে

ষ্টাফৰিপৰ্টাৰ, ৫ জুন : সমগ্ৰ বিশ্বজুৰি শুকুৰবাৰে পালন কৰা হ’ল বিশ্ব পৰিবেশ দিৱস। কৰ’না ভাইৰাছৰ বাবে সমগ্ৰ বিশ্ব তথা দেশত হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হ’ল বিশ্ব পৰিবেশ দিৱস। মানৱ জীৱনত সেউজ আৰু স্বাস্থ্যসন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি সজাগতা সৃষ্টিৰ মূল লক্ষ্য লৈ
১৯৭৪ চনৰ পৰা প্ৰতিবছৰে ৫ জুনৰ দিনটো পৰিবেশৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ বাবে বিশ্ব পৰিবেশ দিৱস পালন কৰি অহা হৈছে। এইবাৰ বিশ্ব পৰিবেশ দিৱসৰ থিম হৈছে ” জৈৱ বৈচিত্ৰ উদযাপন কৰোঁ আহক” । শুকুৰবাৰেও সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যজুৰি অনুষ্ঠূপিয়াকৈ পালন কৰা হ’ল বিশ্ব পৰিবেশ দিৱস। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান মৰ্মে ৰাজ্যজুৰি সচেতন লোক সকলে ৰোপণ কৰিলে একোটাকৈ গছ পুলি। এই উপলক্ষে গুৱাহাটীৰ চৰকাৰী বাসভৱনত এটা গছপুলি ৰোপণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন স্বচ্ছ, সেউজ আৰু প্ৰদূষণমুক্ত অসম গঢ়াৰ যাত্ৰাত আমি একেলগে কাম কৰি যাবলৈ আহ্বান জনায়। ৰাজ্য চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। দীপৰ বিলৰ পাৰৰ চকৰ্ডো মিকিৰপাৰাত থকা ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ নাৰ্চাৰী চৌহদত একোটাকৈ গছপুলি ৰোপন কৰি বিশ্ব পৰিবেশ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু বনমন্ত্ৰী পৰিমল শুক্লবদ্যই।মুখ্যমন্ত্ৰী সোণোৱালে কয়”
এইবাৰ অহা জুলাইৰ ভিতৰত অসমত ডেৰ কোটি গছপুলি ৰোপণ কৰিব।জুন মাহৰ ভিতৰত প্ৰতিজনে অতি কমেও এটাকৈ গছপুলি ৰোপন কৰি ডাঙৰ কৰিবলৈ আহ্বান জনালোঁ।কিছুমান ঠাইত গছ ৰোৱাৰ পিছত লালন পালন নকৰে, সাংবাদিকে সেয়া বাতৰি কৰিছে, মই ভাল পাইছো।সকলোৱে গছ ৰুই ডাঙৰ কৰালৈকে দায়িত্ব লব লাগে। অসমৰ ৰাইজ,ছাত্ৰ ছাত্ৰী, দল সংগঠনলৈ মুখ্যমন্ত্ৰীয়ে
অসমৰ চহকী জৈৱ বৈচিত্ৰতাক শক্তিশালী কৰিবলৈ সকলোকে দায়িত্ব ল’বলৈ আহ্বান জনায়।এই অনুষ্ঠানত উপস্থিত থকা সাংবাদিক সকলোকো একোটাকৈ গছপুলি উপহাৰ দিয়া হয়।আনহাতে বঙাইগাও জিলাৰ কোকিলাৰ গোৱালপাৰাত বৃহস্পতিবাৰে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি
শতাধিক ৰাইজৰ মাজত গছপুলি বিতৰণ কৰা হয়। মানাহ ভেলী বিকাশ মঞ্চৰ উদ্যোগত মঞ্চৰ সম্পাদক আৰফান আলীয়ে গছপুলি সমূহ বিতৰণ কৰে। ইফালে গুৱাহাটী মহানগৰীৰ বৰবাৰীৰ মেগজিনস্থিত বীৰাঙ্গনা সাধনী ভৱনৰ চৌহদটো প্ৰায় অৰ্ধ শতাধিক গছ পুলি শুকুৰবাৰে ৰোপণ কৰি এই দিৱস পালন কৰা হয় । উচ্চ ন্যায়ালয়ৰ অধিবক্তা কবিন শইকীয়া,সাংবাদিক ৰণ্টু নেওগ, ব্যৱসায়ী বুধিন হাজৰিকা, চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক কুণ্ডিল চুতীয়া, কামৰূপ মহানগৰ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত তালুকদাৰ আদিয়ে অংশ লোৱা এই কাৰ্যসূচীত তলাবন্ধৰ সকলো নীতি-নিৰ্দেশনাৰ মাজেৰে কৃষ্ণচুড়া, দেৱদাৰু গছৰ লগতে জলফাই,মধুৰিআম আদি ফলমুলৰ পুলি ৰোপন কৰা হয়। আনহাতে বিশ্ব পৰিবেশ দিৱস উপলক্ষে জাফাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। জাফাৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে গনেশ মন্দৰিৰ গনেশ উদ্যান খেলপথাৰৰ লগতে দিছপুৰ অঞ্চলৰ বিভিন্ন খালি ঠাইত অৰ্ধ শতাধিক গছপুলি ৰোপণ কৰে। তদুপৰি শতাধিক ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে।জাফাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি কৰৱী বৰশইকীয়া, সম্পাদক দিপাংকৰ মেধি আদিৰ উপস্থিতত এই গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। ব্ৰেকথ্ৰ চেয়েঞ্চ ছ’চাইটিৰ অসম শাখাৰ উদ্যোগত বিভিন্ন জিলাৰ লগতে গুৱাহাটীতো বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। বিশ্ব পৰিবেশ দিৱস উপলক্ষে অসম এনভাইৰণমেণ্টেল এন জি ফৰামৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত পৰিবেশ সুৰক্ষাৰ বাবে হাতে হাতে প্লে কাৰ্ড লৈ বিশ্ব পৰিবেশ দিৱস পালন কৰে। ফৰামে ৰাজ্যৰ সকলো বন্যপ্ৰাণী সংৰক্ষিত অঞ্চলৰ পৰা বেদখল উচ্ছেদ আৰম্ভ কৰিবলৈ চৰকাৰক দৃঢ়তা দেখুৱাবলৈ আহ্বান জনাইছে। ইলোৰা বিজ্ঞান মঞ্চৰ পাঞ্জাবাৰী শাখাৰ উদ্যোগত আৰু বাঘৰবড়ী হাইস্কুল তথা সামাজিক বনানিকৰণ বিভাগৰ সহযোগত বিশ্ব পৰিবেশ দিৱস উদ‍যাপন কৰা হয়।এই উপলক্ষে বাঘৰবড়ী হাইস্কুল চৌহদত এটা গছপুলি ৰোপন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশিষ্ট বিজ্ঞানী ড:দীনেশ চন্দ্ৰ গোস্বামীয়ে।ইয়াৰ পিছতে গছপুলি ৰোপন কৰে ক্ৰমে ই ভি এমৰ পাঞ্জাবাৰী শাখাৰ সভাপতি অতুল তামুলী, কেন্দ্ৰীয় কমিটিৰ কোষাধ্যক্ষ ড: বাসুদদেব দাস,হাইস্কুলখনৰ প্ৰধান শিক্ষয়িত্ৰী জিন্নতাৰা বেগম ,বনবিষয়া হেমন্ত অধিকাৰী আৰু উপস্থিত অন্যান্য সদস্য মুকুট মনি দাস ,ডা:বৈকুণ্ঠ বৰ্মন ,নগেন বৈশ্য,শৈলেন বৰ্মন,ওমান আলি আদিয়ে।বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে অনুষ্ঠিত বাৰ্তালাপ অনুষ্ঠানত বিশ্ব পৰিবৱশ দিৱসৰ চলিত বৰ্ষৰ বিষয়বস্তু জৈৱবৈচিত্ৰ সংৰক্ষণৰ ওপৰত আলোচনা আগবঢ়াই ড:দীনেশ চন্দ্ৰ গোস্বামীয়ে। দিছপুৰ প্ৰেছক্লৱৰ চৌহদত বগা চন্দন, অগৰু গছ ৰোপনৰে মাহজোৰা গছপুলি ৰোপনৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰে বিজেপিৰ অসম প্ৰদেশৰ জ্যেষ্ঠ মুখপাত্ৰ তথা দিছপুৰ বিকাশ মঞ্চৰ নেতা জয়ন্ত দাসে। বিশ্ব পৰিৱেশ দিৱসৰ সৈত সংগতি ৰাখি দক্ষিণ গাঁও কাৰগিল পথ স্থিত বেচৰকাৰী সংস্থা ডেভেলপমেণ্ট অফ এনভাইৰণমেণ্ট এণ্ড পিপল এৱাৰনেছ ছ’ছাইটি অৱ আছাম (ডি ই পি এ এছ এ) গছপুলি ৰোপন কৰে। এই অনুষ্ঠানত নামনি অসমৰ শক্তি বিতৰণ কেন্দ্ৰৰ মুখ্য মহা প্ৰবন্ধক দীপক কুমাৰ শৰ্মা, গুৱাহাটী মণ্ডলৰ মহাপ্ৰৱন্ধক পাৰ্থ প্ৰতীম শৰ্মা আদি উপস্থিত থাকে। কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰসন্ন বৰাৰ নেতৃত্বত তথা কামৰূপ মহানগৰ জিলা অধিবিদ্যা পৰিষদৰ সহযোগত জিলাখনৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিভিন্ন স্বেচ্ছাসেৱী সংগঠন ক্ৰমে জনসাৰথী, সদিচ্ছা, গুৱাহাটী লায়ন্স ক্লাব আদিয়ে বিভিন্ন ধৰণৰ মূল্যবান গছপুলি যোগান ধৰে। বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ উদ্যোগতো শুকুৰবাৰে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।এই দিৱসৰ জৰিয়তে গছপুলি ৰোপন কৰা হয় চৌহদ প্ৰাংগণত। গুৱাহাটী পৌৰ নিগমৰ পনবজাৰস্থিত কাৰ্যালয়তো নিগমৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাৰ উপস্থিতিত শুকুৰবাৰে গছপুলি ৰোপণ কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উপলক্ষে উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈ নিজ হাতে ৰক্ত চন্দন গছৰ পুলি ৰোপণ কৰে। প্ৰাণী বিজ্ঞান সমিতি, অসমে বিশ্ব পৰিবেশ দিৱস উপলক্ষে এটা ইউটিউব চেনেল মুকলি কৰে। এন ডি আৰ এফৰ ফাৰ্ষ্ট বেটেলিয়নৰ উদ্যোগতো পাতগাৱঁত বিশ্ব পৰিবেশ দিবস পালন কৰা হয়। ইফালে জালুকবাৰীৰ এ পি আৰ অ’ প্ৰশিক্ষণ বিদ্যালয় চৌহদত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। এই উপলক্ষে বিদ্যালয় চৌহদত চাফাই অভিযান চলোৱাৰ লগতে গছপুলি ৰোপন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰই ৰংগীয়াস্থিত তুলসী বাৰীত বিশ্ব পৰিবেশ দিৱস পালন কৰে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জলসিঞ্চন, ৰাজহ তথা দুৰ্যোগ প্রশমন মন্ত্ৰী ভৱেশ কলিতাই। গুৱাহাটীৰ মহাপুৰুষ মাধৱদেৱপথস্থিত “এডুফ্লেয়াৰ ছ’চাইটিৰ উদ্যোগত আৰু শ্ৰীমন্ত শংকৰ নগৰৰৰ ৰাইজৰ সহযোগত বিশ্ব পৰিবেশ দিৱস উপলক্ষে গুৱাহাটীৰ বিভিন্ন ঠাইত গছপুলি ৰোপন কৰাৰ লগতে গছপুলি বিতৰণ কৰা হয়। চেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। ইফালে কামৰূপ একাডেমীৰ চৌহদত বিশ্ব পৰিবেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰা হয়। সেইদৰে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ উদ্যোগত জজ খেলপথাৰত বিশ্ব পৰিবেশ দিৱস উপলক্ষে গছপুলি ৰোপন কৰা হয়।
শান্তি সাধনা আশ্ৰম পৰিসৰত আজি বিশ্বপৰিবেশ দিৱসৰ উপলক্ষে গছ পুলি ৰোপণ কৰা হয়। এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।