ৰাজহ সংগ্ৰহ বৃদ্ধিৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ত সভা

65

গুৱাহাটী : কভিড কেন্দ্ৰীক পৰিস্থিতিৰ বহুখিনি উন্নতি হোৱাৰ পাছত পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা ) কাৰ্যালয়ে পৰিবহনৰ লগত জড়িত ৰাজহ বৃদ্ধিৰ বাবে যাবতীয় তৎপৰতা গ্ৰহণ কৰিছে । বিশেষকৈ দুদিনমান পূৰ্বে জিলা পৰিবহন বিষয়া হিচাপে যোগদান কৰা গৌতম দাসে পথ সুৰক্ষাৰ দিশটোত মনোনিবেশ কৰাৰ সমান্তৰালভাৱে ৰাজহ বৃদ্ধিৰ দিশটোত গুৰুত্ব আৰোপ কৰিছে ।

ইয়াৰ অংশহিচাপে আজি জিলা পৰিবহন বিষয়া গৌতম দাসৰ উদ্যোগত কার্যালয়ৰ সভাগৃহত এখন বিশেষ সভা অনুষ্ঠিত হয় । সভাত কামৰূপ মহানগৰ জিলাৰ সমূহ যানবাহন বিক্ৰেতা , ডীলাৰ আৰু মটৰ পৰিবহনৰ লগত জড়িত বিভিন্ন প্ৰতিষ্ঠানৰ কৰ্মকর্তা- প্ৰতিনিধি উপস্থিতিত অনুষ্ঠিত সভাত জ্যেষ্ঠ মটৰ তথা যানবাহন পৰিদৰ্শক দেবাংশু দত্ত , কাৰ্যলয়ৰ মুখ্য সহায়ক গোলাপী বৰা বৰদলৈয়েও ভাগ লয় । সভাত জিলা পৰিবহন বিষয়া গৌতম দাসে পৰিৱৰ্তিত পৰিস্থিতিত পৰিবহন বিভাগৰ ৰাজহ বৃদ্ধিৰ সৈতে যানবাহন বিক্ৰেতা ডীলাৰ , পৰিবহন প্ৰতিষ্ঠান সমূহৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি ব্যক্ত কৰে আৰু পৰিবহন বিভাগৰ সৈতে এটা পৰিয়ালৰ দৰে কাম কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।

তেনেদৰে ডীলাৰ , পৰিবহন প্ৰতিষ্ঠান সমূহৰ অসুবিধা সমুহ দূৰ কৰিবলৈ চেষ্টা কৰা হব বুলি গৌতম দাসে সদৰি কৰে । আনহাতে কেবাজনো প্ৰতিনিধিয়েও তেওঁলোকৰ ফালৰ পৰা পৰিবহন বিভাগক সহায় সহযোগিতা আগবঢ়োৱা হব বুলি মত ব্যক্ত কৰে ।

উল্লেখযোগ্য যে লকডাউনৰ পূৰ্বে কামৰূপ মহানগৰ জিলাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই ২০২০ – ২০২১ বৰ্ষৰ বাবে ৩৫২.৭৮ কৌটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । কিন্তু কভিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে পহিলা এপ্ৰিলৰ পৰা ৩০ নৱেম্বৰ পৰ্যন্ত প্ৰায় ১০৪. ১১ কৌটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।