ৰাজস্থানত সংকটত গেহলট চৰকাৰ

91

ষ্টাফৰিপৰ্টাৰ, ৰাজস্থানত সংকটত গেহলট চৰকাৰ। গেহলট চৰকাৰক লৈ জটিল হৈ পৰিছে ৰাজনৈতিক অংক। মুখ্যমন্ত্ৰী অশোক গেহলট আৰু উপ–মুখ্যমন্ত্ৰী শচীন পাইলটৰ মাজত মুকলি বিদ্ৰোহ। শচীন পাইলটৰ অভিযোগ তেওঁক অশোক গেহলটে উপেক্ষা কৰিছে। চৰকাৰৰ সিদ্ধান্তৰ ক্ষেত্ৰত তেওঁক কোনো গুৰুত্ব প্ৰদান কৰা নহয়। আনহাতে, গেহলট পক্ষৰ অভিযোগ, শচীন পাইলট বিজেপিৰ সৈতে সম্পৰ্কত আছে। শচীন পাইলট আৰু কংগ্ৰেছৰ ১২ বিধায়কে দিল্লীত ছোনিয়া গান্ধীক সাক্ষাৎ কৰাৰ খবৰক লৈ ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে। ৰাজ্যখনৰ মন্ত্ৰীকে ধৰি একাংশ কংগ্ৰেছ বিধায়কে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ তেওঁৰ বাসগৃহলৈ যোৱা আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ যোৱাসকলৰ ভিতৰত আছে একাংশ নিৰ্দলীয় বিধায়কো।
সূত্ৰ অনুসৰি, প্ৰায় ২০জন বিধায়ক শচীন পাইলটৰ সৈতে সম্পৰ্কত আছে। ইয়াৰে ১৬ গৰাকী বিধায়কে দিল্লী–এনচিআৰত পৃথকে পৃথকে বাহৰ পাতিছে। উল্লেখযোগ্য যে শচীন পাইলটে মাজনিশা দিল্লীৰ পৰা জয়পুৰলৈ ৰাওনা হৈছিল, কিন্তু ৰাজস্থানত উপস্থিত হোৱা নাই। দল তথা সংবাদ মাধ্যম কোনেও পাইলট ক’ত আছে সেয়া জানিব পৰা নাই। কংগ্ৰেছৰ ৰাজস্থানৰ দায়িত্ববাহী অৱিনাশ পাণ্ডেৰ মতে, ‘এতিয়ালৈ কোনো বিধায়কে মোক বা হাইকমাণ্ডক সাক্ষাতৰ বাবে সময় বিচৰা নাই। যদি কোনো বিধায়ক বা নেতাৰ কোনো অভিযোগ আছে তেন্তে মোৰ বা হাইকমাণ্ডৰ আগত প্ৰকাশ কৰিব পাৰে।’ শেহতীয়া তথ্য অনুসৰি, মুখ্যমন্ত্ৰী গেহলটক সাক্ষাৎ কৰিবলৈ মুখ্য সচেতক মহেশ যোশী, উপ–মুখ্য সচেতক মহেন্দ্ৰ চৌধুৰী, ৰাজহ মন্ত্ৰী হৰিশ চৌধুৰী, মন্ত্ৰী টিকাৰাম জুলী মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈছে। ৰাজ্যখনৰ উচ্চ শিক্ষা মন্ত্ৰী ভৱৰ সিং ভাটীও মুখ্যমন্ত্ৰী গেহলটক সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্ৰীৰ বাসভৱনত উপস্থিত হৈছে। আনহাতে, নিৰ্দলীয় বিধায়ক বাবুলাল নাগৰো উপস্থিত হৈছে মুখ্যমন্ত্ৰীৰ বাসগৃহত। ইয়াৰ উপৰি কংগ্ৰেছৰ কেইবাজনো বিধায়ক মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে। মন্ত্ৰী ছালেহ মহম্মদ, বিধায়ক ৰামলাল জাট, গোবিন্দ ডোটাছৰা, ভজনলাল জাটৱ আদিয়েও সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীক।