ৰাজপথতত পুনৰ প্ৰতিবাদ

108

পুনৰ প্ৰতিবাদ কৰিলে ৰাজপথত।এইবাৰ পুৱাৰ ভাগতেই ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই কৰিলে অনিৰ্দিষ্টকালীন পথ অৱৰোধ। কুঁৱলী ভেদি ছাত্ৰ সংগঠনটোৱে অ’এন জি চিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । সৰুপথাৰ সমজিলাৰ আৰ্থ-সামাজিক উন্নয়ণৰ দাবীৰে অনিৰ্দিষ্টকালীন সৰুপথাৰ অ’এন জি চি কল’নী পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ।প্ৰতিবাদকাৰী দলটোৱে সংগঠনটোৱে উন্নতমানৰ চিকিৎসালয় নিৰ্মাণ, ধৰ্মীয় অনুষ্ঠান, নামঘৰসমূহৰ বাবে এককালীন সাহাৰ্য, সৰুপথাৰ সমজিলাত ২৩ টা তৈলখাদলৈ অহা-যোৱা কৰা মূলপথ নিৰ্মাণ, শিক্ষিত নিবনুৱাসকলক অ’এন জি চিত নিযুক্তি দিয়াৰ দাবী জনাইছে ।