ৰাজপথত খহি পৰিল অট্টালিকা, কথমপি প্ৰাণ ৰক্ষা মহিলাৰ

69

ডিজিটেল ডেস্কঃ এটা ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল এগৰাকী মহিলাৰ। ৰাজপথেৰে খোজকাঢ়ি গৈ থকা মহিলাগৰাকীৰ গাতেই যেন খহি পৰিল এটা পুৰণি অট্টালিকা। গাৰ নোম শিঁয়ৰাই তোলা এই দৃশ্য তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ।

বিগত প্ৰায় এসপ্তাহে দি থকা ধাৰাসাৰ বৰষুণে আতংক নমাইছে সমগ্ৰ তেলেংগানাত। ৰাজপথত এবুকুলৈকে পানী। বৰষুণৰ বানত উটি গৈছে গাড়ী-মানুহ। বৰষুণৰ ফলত ভূমিস্খলন ঘটি ৰাজ্যখনত ইতিমধ্যেই প্ৰাণ হেৰুৱাইছে ৩০ জনতকৈও অধিক লোকে। তেলেংগানাৰ এনে ভয়াবহ পৰিস্থিতিৰ মাজতে এতিয়া পোহৰলৈ আহিছে এই ভিডিঅ’টো।

ভিডিঅ’টোত প্ৰত্যক্ষ হোৱা অনুসৰি, ৰাজপথৰে এগৰাকী মহিলা খোজ কাঢ়ি গৈ আছে। তেনেতে পথৰ দাঁতিৰ এটা অট্টালিকা ভাগি পৰে পথৰ ওপৰত। মহিলাগৰাকী সেই সময়ত অট্টালিকাটোৰ ওচৰৰে খোজ কাঢ়ি গৈ আছিল।

সৌভাগ্যবশতঃ ৰাজপথেৰে গৈ থকা মহিলাগৰাকীৰ পৰা মাত্ৰ কিছু নিলগতে ধ্বংসস্তূপত পৰিণত হয় পুৰণি অট্টালিকাটো। যাৰ বাবে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে মহিলাগৰাকী। উল্লেখ্য যে, বৰষুণে সংহাৰ চলোৱা হায়দৰাবাত বুধবাৰে এখন দেৱাল খহি পৰাৰ ফলত এটি দুমহীয়া শিশুসহ ৯ জন লোকৰ মৃত্যু হৈছিল।