ৰাজপথত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ অৰ্জুনজয়ী আৰক্ষী বিষয়াৰ মৃতদেহ, হত্যাৰ সন্দেহ

349

ৰাজপথৰ পৰা উদ্ধাৰ হ’ল এগৰাকী অৰ্জুন বঁটাপ্ৰাপক আৰক্ষী বিষয়াৰ ক্ষত বিক্ষত মৃতদেহ। পঞ্জাৱ আৰক্ষীত কৰ্মৰত প্ৰাক্তন ভাৰত্তোলক দলবীৰ সিঙৰ ৰহস্যজনক পৰিস্থিতিত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। পঞ্জাৱৰ জলন্ধৰত সংঘটিত হয় এই ঘটনা।

খবৰ অনুসৰি বছৰৰ অন্তিম দিনটোত বন্ধু-বান্ধৱীক লগ কৰিছিল দলবীৰ সিঙে। ইয়াৰ পিছতে তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰাথমিক তদন্তত আৰক্ষী বিষয়াগৰাকীক হত্যা কৰা হৈছে বুলি অনুমান কৰা হৈছে। বৰ্তমান পঞ্জাৱ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

২০০০ চনত ভাৰোত্তোলক দলবীৰ সিঙক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল। ইয়াৰ পিছতে তেওঁ পঞ্জাৱ সশস্ত্ৰ আৰক্ষীত ডি এছ পি হিচাপে যোগদান কৰে। ৩১ ডিচেম্বৰত তেওঁ বন্ধু-বান্ধৱীক লগ কৰিছিল। কিন্তু ইয়াৰ পিছতে পথৰ মাজৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে প্ৰথমে এয়া এক দুৰ্ঘটনা বুলি সন্দেহ কৰিলেও পৰৱৰ্তী সময়ত হত্যাৰ অনুমান কৰি তদন্ত অব্যাহত ৰাখে।

তেওঁৰ ভাতৃ ৰঞ্জিত সিঙে কয় যে দলবীৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত তেওঁ আৰক্ষীৰ পৰা দলবীৰৰ মৃত্যুৰ খবৰ লাভ কৰিছিল। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে সন্দেহৰ সৃষ্টি কৰিছে। দেখা যায় যে ডিঙিৰ ওচৰত গুলীৰ আঘাতৰ চিন পোৱাৰ পিছত হত্যাৰ সন্দেহ তীব্ৰতৰ হৈ পৰিছে। ইফালে আৰক্ষী বিষয়াগৰাকীৰ চাৰ্ভিছ ৰিভলভাৰটোও বৰ্তমান সন্ধানহীন হৈ আছে। বৰ্তমান স্থানীয় চিচিটিভি ফুটেজৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, জলন্ধাৰৰ একাংশ স্থানীয় লোকৰ সৈতে দলবীৰে অসুবিধাৰ সন্মুখীন হয়। যোৱা মাহৰ বিপদ থানাত উপনীত হৈছিল। অৱশ্যে দুয়োপক্ষই নিজৰ মাজত মিলন ঘটালে। ইয়াৰ পিছত দলবীৰৰ মৃত্যু হয়। আটাইকেইটা ঘটনাৰ মাজত কোনো সম্পৰ্ক আছে নে নাই সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।