ৰাজনৈতিক স্বাৰ্থৰে একাংশই ছাত্ৰৰ ভৱিষ্যতৰ সৈতে খেলিছেঃ JEE, NEET অনুষ্ঠিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ ১৫০গৰাকী শিক্ষাবিদৰ

68

ডিজিটেল ডেস্কঃ JEE, NEET পৰীক্ষা অনুষ্ঠিত কৰাক লৈ বিলম্ব হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু বিদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ ১৫০ গৰাকী শিক্ষাবিদে প্ৰধানমন্ত্ৰী মোডীলৈ পত্ৰ লিখি শিক্ষাৰ্থীৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। শিক্ষাবিদ সকলে পত্ৰত লিখিছে যে এই পৰীক্ষা অনুষ্ঠিত কৰাত আৰু পলম হ’লে ছাত্ৰসকলৰ ভৱিষ্যতত ইয়াৰ বেয়া প্ৰভাৱ পৰিব। লগতে একাংশ লোকে নিজৰ ৰাজনৈতিক স্বাৰ্থত নীট, জেইই পৰীক্ষা পিছুৱাই ছাত্ৰসকলৰ ভৱিষ্যতৰ সৈতে খেল খেলাৰ চেষ্টা কৰিছে বুলিও পত্ৰত অভিযোগ কৰে শিক্ষাবিদসকলে।

প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰত শিক্ষাবিদসকলে কৈছে, ‘যুৱ প্ৰজন্ম আৰু শিক্ষাৰ্থীসকল দেশৰ ভৱিষ্যত। কিন্তু কোভিড-১৯ মহামাৰীৰ বাবে এতিয়া তেওঁলোকৰ কেৰিয়াৰ অনিশ্চয়তাৰ ক’লা ডাৱৰে ঘেৰি ধৰিছে। প্ৰৱেশ আৰু শ্ৰেণীকোঠাক লৈ বহু আশংকা আছে ঠিকেই, কিন্তু তাৰ অতি সোনকালে সমাধান কৰাটো অতি আৱশ্যক হৈ পৰিছে।’

পত্ৰত পুনৰ লিখা হৈছে, ‘চৰকাৰে জেইই আৰু নীট পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে… পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো প্ৰকাৰে বিলম্ব হ’লে ছাত্ৰসকলৰ এটা মূল্যবাদ বছৰ নষ্ট হৈ যাব। আমাৰ যুৱ প্ৰজন্ম আৰু ছাত্ৰসকলৰ সপোন আৰু ভৱিষ্যতক কোনো মূল্যৰ বিনিময়তে ধ্বংস হ’বলৈ দিব নোৱাৰি।’

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীলৈ লিখা শিক্ষাবিদৰ পত্ৰখনত দিল্লী বিশ্ববিদ্যালয়, লক্ষ্ণৌ বিশ্ববিদ্যালয়, জেএনইউ, বিএছইউ, আইআইটি দিল্লী, লণ্ডন বিশ্ববিদ্যালয়, কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়কে ধৰি কেইবাখনো বিশ্ববিদ্যালয়ৰ শিক্ষাবিদে হস্তাক্ষৰ কৰিছে।