ৰাজনৈতিক মন্তব্য কৰাৰ পৰা বিৰত থাকিব সাংসদ গৌৰৱ গগৈ

83

ডিজিটেল ডেস্ক: সদ্যপ্ৰয়াত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম লৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি শান্তি আৰু সমন্বয়ৰ বাৰ্তা বিলাইছে পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে। পিতৃৰ চিতাভষ্ম লৈ শনিবাৰে তেওঁ উপস্থিত হয় লক্ষীমপুৰ জিলাৰ নাৰায়নপুৰত।

নাৰায়ণপুৰত অসংখ্য অনুৰাগীৰ শ্ৰদ্ধা নিবেদনৰ পিছত বিসৰ্জন কৰা হয় প্ৰয়াত তৰুণ গগৈৰ চিতাভষ্ম। তাৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত সাংসদ তথা পুত্ৰ গৌৰৱ গগৈয়ে কয় যে পিতৃৰ চিতাভষ্ম লৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ শান্তি আৰু সমন্বয়ৰ বাৰ্তা বিলোৱাৰ যি অভিযান তেওঁ আৰম্ভ কৰিছে সেই অভিযানৰ আগন্তুক বৰ্ষৰ জানুৱাৰীৰ ১২ তাৰিখে সামৰণি পেলোৱা হব। আৰু তেতিয়ালৈকে তেওঁ কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য কৰাৰ পৰা বিৰত থাকিব বুলিও জানিবলৈ দিয়ে সাংবাদিকক। আনফালে পিতৃৰ অসম্পূৰ্ণ সপোন সমূহো পূৰণ কৰাৰ তেওঁ চেষ্টা কৰিব বুলিও মন্তব্য কৰে।