ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

83

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত হৰিণাৰ মঙহসহ গ্ৰেপ্তাৰ হৈছে এজন সন্দেহযুক্ত চোৰাং চিকাৰী। চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বন বিভাগৰ এটা দলে অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি ধৃত লোকজনক আশ্বোৰ্চিং বসুমতাৰী বুলি চিনাক্ত কৰা গৈছে।ন বিভাগৰ চকুত ধূলি দি ৰাজ্যত অব্যাহত আছে চোৰাং চিকাৰীৰ দুষ্কৰ্ম। দুষ্কৃতিকাৰীৰ নৃশংসতাৰ চিকাৰ হৈছে নিৰীহ বন্য জন্তু। চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বন বিভাগৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে সন্দেহজনক লোকজনক। অভিযানৰ সময়ত আশ্বোৰ্চিং বসুমতাৰীৰ পৰা উদ্ধাৰ কৰা মঙহখিনিৰ পৰিমাণ পিছত পৰীক্ষা কৰা হয় আৰু এই পৰিমাণ প্ৰায় ১০ কিলোগ্ৰাম বুলি জানিব পৰা যায়। অভিযুক্ত বসুমতাৰীৰ হাতৰ পৰা এটা হৰিণৰ মূৰ উদ্ধাৰ হোৱা বুলিও জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে।