ৰাইজৰ দলৰে মিত্ৰতাক চূড়ান্ত ৰূপ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ

58

AJP+ৰাইজৰ দল; আনুষ্ঠানিক মিত্ৰতা চূড়ান্ত, এই ঘোষণা কৰে লুৰীণজ্যোতি গগৈয়ে। মিত্ৰতাৰ আৰু এখোজ আগবঢ়োৱাৰ লক্ষ্যৰে হাস্পতালতে অখিল গগৈক সাক্ষাৎ কৰে গগৈয়ে।

২ঘণ্টা জোৰা বৈঠকৰ অন্তত মিত্ৰতা চূড়ান্ত হোৱাৰ কথা ঘোষণা কৰে লুৰীণজ্যোতি গগৈয়ে। লগতে তেওঁ কয় যে কংগ্ৰেছৰ সৈতে কোনো পধ্যেই মিত্ৰতা নকৰে।

দুয়োটা নৱ গঠিত আঞ্চলিক দলৰ আনুষ্ঠানিক মিত্ৰতা হোৱা নাছিল , সেয়ে আনুষ্ঠানিক মিত্ৰতা সন্দৰ্ভত আলোচনাৰ বাবে হাস্পতালত উপস্থিত হৈছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু তেওঁৰ সৈতে উপস্থিত আছিল জগদীশ ভূঞা।