ৰাইজৰ দল এৰি এজেপিত যোগদান জেৰিফা ৱাহিদৰ

90

টিকটৰ পৰা বঞ্চিত হৈ দল সলনি কৰিছে বহু নেতাই। তেনে নেতাৰ মাজতে এতিয়া নাম সন্নিৱিষ্ট হল অভিনেত্ৰী জেৰিফা ৱাহিদৰো। প্ৰায় এমাহ পূৰ্বে নৱ গঠিত ৰাইজৰ দলত যোগদান কৰা জেৰিফা ৱাহিদে টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছতে যোগ দিলে আনটো নৱ গঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদত। অৱশ্যে অসম বিধানসভা নিৰ্বাচনত বহু সমষ্টিত মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দল আৰু এজেপিয়ে।

দৰাচলতে জেৰিফা ৱাহিদে ভৱানীপুৰ সমষ্টিৰ পৰা ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চৰ্চা চলিছিল। অভিনেত্ৰীগগৰাকীয়ে নিজেও সমষ্টিটোত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হৈছিল। কিন্তু শেষ মুহূৰ্তত তেওঁক টিকটৰ পৰা বঞ্চিত কৰা হল। জেৰিফাৰ সলনি সমষ্টিটোত দলৰ সভাপতি অখিল গগৈৰ একালৰ ঘনিষ্ঠ কমল কুমাৰ মেধিক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ৰাইজৰ দলে।

তাৰ পিছতে বিষণ্ণ মন লৈ ৰাইজৰ দলৰ পৰা ওলাই আহিল জেৰিফা ৱাহিদ। এতিয়া অসম জাতীয় পৰিষদৰ পৰা কোনো সমষ্টিত টিকট লাভৰ আশা কৰিলেও এইবাৰ বা টিকট পায় নে নাপায়, তাৰ কিন্তু নিশ্চয়তা নাই।