ৰহাৰ আমচৈত বন্যহস্তীৰ আতংক, ভাঙি লণ্ডভণ্ড কেইবাটাও বাসগৃহ

80

নগাঁও জিলাৰ ৰহাৰ আমচৈত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। নিশা আমচৈ পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে খাই তহিলং কৰে খেতিপথাৰ, বাৰীৰ শাক-পাচলি। সমান্তৰালভাৱে বাসগৃহ, ভঁৰাল ঘৰ ভাঙিও লণ্ডভণ্ড কৰে বনৰীয়া হাতীয়ে। যাৰ বাবে অঞ্চলবাসীয়ে দীৰ্ঘদিনৰ পৰা বিনিদ্ৰ ৰজনী পাৰ কৰিবলগা হৈছে?

শুকুৰবাৰে নিশাও জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ এটা জাকে আমচৈ বেলতলা অঞ্চলৰ কেইবাটাও বাসগৃহ ভাগি লণ্ডভণ্ড কৰে। হাতীৰ জাকটোৱে বিপিন ডেকাৰ ধান বনা ঘৰ, মনি সাহাৰ ভঁৰাল ঘৰ ভাঙি ধান খাই অনিষ্ট কৰাৰ লগতে মাধৱী বৰদলৈ, বিউটি ফুকন আৰু লোকেন বৰদলৈ নামৰ লোক কেইজনৰ ঘৰ দুৱাৰ ভাঙি বিস্তৰ ক্ষতি কৰে।

তিনি দিন ধৰি হাতীয়ে এনেদৰে অঞ্চলটোত উপদ্ৰৱ চলাই আহিছে যদিও বন বিভাগে হাতী উপদ্ৰৱৰ পৰা জনসাধাৰণক সুৰক্ষা দিবলৈ কোনো ব্যৱস্থা নকৰাৰ অভিযোগ উঠিছে।