ৰহাত বন্যহস্তীৰ উপদ্ৰৱ, ভাঙিলে কেইবাটাও বাসগৃহ

67

নগাঁও জিলাৰ ৰহাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হস্তী-মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা আহি জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ উপদ্ৰৱত নিদ্ৰা হৰণ হৈ আহিছে ৰাইজৰ। ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতিসাধন, কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা বিনষ্ট কৰাৰ লগতে হাতীৰ আক্ৰমণত ৰহাৰ বিভিন্ন প্ৰান্তত প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহু কেইজন লোকে। শেহতীয়াকৈ ৰহাৰ আমচৈৰ কেকুৱাগাঁৱত শুকুৰবাৰে নিশা বন্যহস্তীৰ এটা জাকে প্ৰৱেশ কৰি কেইবাটাও ঘৰ ভাঙি পেলায়।

আমচৈৰ পাহাৰৰ পৰা নাম আহি বন্য হস্তীৰ জাকটোৱে গাঁওখনত প্ৰৱেশ কৰি কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে ভঁৰালৰ ধান খাই তহিলং কৰে। ইফালে হাতীৰ উপদ্ৰৱত গোটেই নিশা আতংকৰ মাজেৰে পাৰ কৰিবলগা হয় গাঁওবাসীয়ে। অৱশ্যে বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে গৃহস্থৰ।