ৰবি শৰ্মা অভিনীত শ্ৰী ৰঘুপতিৰ মুক্তিত স্থগিতাদেশ আদালতৰ…

144

২ জুনত মুক্তিলাভ কৰিবলগীয়া অসমীয়া ছবি ‘শ্ৰী ৰঘুপতি’ৰ মুক্তিত স্থগিতাদেশ জাৰি নিম্ন আদালতৰ।

কামৰূপ (মঃ) জিলা আৰু অধিবেশন ন্যায়াধীশ আদালতে প্ৰাক্তন প্ৰযোজক শৈলেন কুমাৰ শৰ্মাৰ সৈতে চুক্তি ভংগ কৰাৰ অভিযোগক লৈ স্থগিতাদেশৰ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে শৈলেন কুমাৰ শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মাই চুক্তি ভংগৰ অভিযোগ উত্থাপন কৰি আদালতত গোচৰ তৰিছিল।

মেট্ৰ’পলিটান মেজিষ্ট্ৰেট আদালতে গোচৰৰ শুনানি গ্ৰহণ কৰি ‘শ্ৰী ৰঘুপতি’ চিনেমাখন মুক্তিৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ নিৰ্দেশ দিয়ে বুলি সূত্ৰই জনায়।

মন কৰিবলগীয়া যে ৰবি শৰ্মা অভিনীত ‘শ্ৰী ৰঘুপতি’ চিনেমাখন ২ জুনত মুক্তি পাবলগীয়া আছিল। চিনেমাৰ অভিনেতাসকলৰ ভিতৰত প্ৰীতি কংগনা, প্ৰিয়ম পল্লৱী, সিদ্ধাৰ্থ শৰ্মা, অৰুণ নাথ, আৰু অৰুণ হাজৰিকা আদি অন্যতম।