ৰাজ্যত বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ বাবে সেৱা আগবঢ়াই অহা বিশিষ্ট ব্যক্তিক উচিত মৰ্যাদা প্ৰদানৰ বাবে অসম চৰকাৰে প্ৰথমবাৰলৈ ঘোষণা কৰিছে ৰাজ্যৰ তিনিটা সৰ্বোচ্চ অসামৰিক সন্মান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্মান প্ৰদানৰ কথা ঘোষণা কৰিছে।
এই বছৰৰ শ্ৰেষ্ঠ ‘অসম বৈভৱ’ বঁটা আগবঢ়োৱা হৈছে দেশৰ বিখ্যাত উদ্যোগপতি আৰু সমাজসেৱক ৰতন টাটালৈ ৷ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত অসমত প্ৰভূত অৱদান আগবঢ়োৱা দেশৰ প্ৰথিতযশা উদ্যোগপতি তথা সমাজসেৱক ৰতন টাটালৈ আগবঢ়োৱা হৈছে অসমৰ সৰ্বোচ্চ অসামৰিক সেৱাৰ সন্মান ’অসম বৈভৱ’৷ ২০১৮ চনত টাটা ট্ৰাষ্টৰ সৈতে মিলি অসম চৰকাৰে ৰাজ্যখনত ১৯খন কৰ্কট ৰোগৰ প্ৰতিষ্ঠানৰ কাম আৰম্ভ কৰিছে।
বিপৰীতে দ্বিতীয় সৰ্বোচ্চ সন্মান ‘অসম সৌৰভ’ বঁটা৷ এই বঁটা আগবঢ়োৱা হ’ব ৰাজ্যৰ ৫ বিশেষ ব্যক্তিলৈ। কটন বিশ্ববিদ্যালয়ৰ প্ৰবক্তা কমলেন্দু দেৱ ক্ৰোৰি, NHMৰ মিছন সঞ্চালক লক্ষ্মণ এছ, ব্যৱসায়ী-শিক্ষাবিদ দীপক চান্দ জৈন, অলিম্পিকৰ পদক জয়ী বক্সাৰ লাভলীনা বৰগোহাঁই, প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱালৈ ৷
একেদৰে তৃতীয় অসামৰিক সন্মান ‘অসম গৌৰৱ’ বঁটা প্ৰদান কৰা হ’ব ১৩গৰাকী বিশিষ্ট ব্যক্তিলৈ। এওলোকৰ ভিতৰত আছে স্বাস্থ্য বিভাগৰ সঞ্চালক মুনীন্দ্ৰ নাথ নাটে, GMCHৰ প্ৰবক্তা বসন্ত হাজৰিকা, উদ্যোগী তথা কুকুৰা পালক আকাশ জ্যোতি গগৈ, উদ্যোগী তথা গাহৰি পালক মনোজ কুমাৰ বসুমতাৰী, পৰ্বতাৰোহী খৰছিং তেৰণ, মহিলা উদ্যোগী ববী হাজৰিকা, গুণমালা, নামঘোষা গামোচাত লিখি উলিওৱা শিপিনী হেমপ্ৰভা চুতীয়া, ANM নাৰ্ছ নমিতা কলিতা, আশা কৰ্মী বৰ্ণিতা মমীন, অৱসৰপ্ৰাপ্ত বনবিষয়া ধৰণীধৰ বড়ো, যুৱ উদ্যোগী কৌশিক বৰুৱা, অংগনবাড়ী কৰ্মী কল্পনা বড়ো আৰু চিকিৎসক আশ্বিক ইকবাল।
(News18 Assam Input)
