ৰঞ্জিত বৰা হত্যাকাণ্ডঃ শ্বাহ আলমৰ স্বীকাৰোক্তিৰ ভিত্তিত পুনৰ গ্ৰেপ্তাৰ দুজনক…

94

বুধবাৰে গুৱাহাটী আৰক্ষীয়ে শ্বাহ আলম তালুকদাৰৰ আন দুজন সহযোগীক গ্ৰেপ্তাৰ কৰে।

গুৱাহাটীৰ পল্টন বজাৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় এই দুজন ব্যক্তি।

জেৰাৰ সময়ত শ্বাহ আলমে দিয়া বক্তব্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে দুয়োকে।

আটকাধীন দুজন ব্যক্তিৰ নাম প্ৰমথেশ পাপু দিহিঙীয়া আৰু বিপুল দাস।

খবৰ অনুসৰি এই যুটিয়ে এটা গেছ এজেন্সীৰ পৰা ৩.৪ লাখ টকা লুণ্ঠন কৰিছিল। ডকাইতি কাণ্ডৰ সৈতে শ্বাহ আলমও জড়িত আছিল।

গুৱাহাটীৰ ব্যৱসায়ী ৰঞ্জিত বৰাৰ হত্যাৰ প্ৰধান অভিযুক্ত শ্বাহ।

৬ ফেব্ৰুৱাৰীত দিছপুৰ আৰক্ষীয়ে শ্বাহক ৭ দিনৰ বাবে নিজৰ জিম্মাত লৈছিল।

দেওবাৰে মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱাত তেওঁক আৰু ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।

শ্বাহ আলমেও লকআপত থকাৰ সময়তে নিজৰ জীৱন শেষ কৰাৰ চেষ্টা কৰিছিল। আৰক্ষীৰ মতে, তালুকদাৰে এটা টয়লেটৰ মগ ভাঙি মগটোৰ ভঙা অংশটোৰে হাত কাটিবলৈ চেষ্টা কৰে। অৱশ্যে ৰক্তাক্ত অৱস্থাত আৰক্ষীয়ে তেওঁক প্ৰত্যক্ষ কৰি চিকিৎসাৰ বাবে ততাতৈয়াকৈ লৈ যায়।