ৰঙিয়াৰ দুৰ্ধৰ্ষ ডকাইত আৰক্ষীৰ জালত

66

দীৰ্ঘদিন ধৰি ৰঙিয়া আৰু তাৰ উপকণ্ঠ অঞ্চলত ধন লুট, ডকাইতিৰে সন্ত্ৰাস সৃষ্টি কৰি অহা দুৰ্ধৰ্ষ ডকাইত ৰঙিয়াৰ কাছাৰী শৌলমাৰীৰ ৰেকিব আলী ওৰফে টিক্লাক আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ৰঙিয়া আৰক্ষীয়ে আন এটা অভিযানত ৰেকিব আলীৰ সহযোগী শৌলমাৰীৰ আৰিফুল ইছলাম ওৰফে জহাকো গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে দুৰ্ধৰ্ষ ডকাইতজনৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানৰ উমান পাই ৰেকিব আলী ওৰফে টিক্লাই আত্মগোপন কৰি থকা দুমহলীয়া অট্টালিকাৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰে যদিও আঘাতপ্ৰাপ্ত হয়। পিছত আৰক্ষীয়ে ৰেকিব আলীক হাস্পতালত ভৰ্তি কৰে। আনফালে ৰেকিবৰ সহযোগী আৰিফুল জহাকো এক অভিযানত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এই দুই দুৰ্ধৰ্ষ ডকাইতৰ গ্ৰেপ্তাৰ স্বস্তিৰ নিশ্বাস এৰিছে ৰঙিয়াবাসীয়ে।