ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা ১০ জনক উদ্ধাৰ, ৩জনক আটক

95

গুৱাহাটীঃ অসম আৰক্ষীয়ে সশস্ত্ৰ সীমা বলৰ (এছএছবি) ২৪ তম বেটেলিয়নৰ সৈতে এক যুটীয়া অভিযান চলাই ৰঙিয়াৰ এটা মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা ১০ জন লোকক উদ্ধাৰ কৰাৰ লগতে মানৱ সৰবৰাহৰে জড়িত থকাৰ সন্দেহত ৩ জন লোকক আটক কৰিবলৈ সক্ষম হয়।

এক গোপন খবৰৰ ভিত্তিত, অসম আৰক্ষী আৰু এছএছবিৰ এটা যুটীয়া দলে ৰঙিয়া ৰেল ষ্টেচনৰ ওচৰৰ ১নং ৱাৰ্ডত অৱস্থিত মহম্মদ মহচিন আলী নামৰ লোকজনৰ বাসগৃহত অভিযান চলায়। অভিযানৰ সময়ত, ১৩ জন লোকক জিম্মাত লোৱা হয়, যাৰ ভিতৰত ১০ জন মানৱ সৰবৰাহৰ ভুক্তভোগী বুলি জনা গৈছে।

ভুক্তভোগীসকলৰ ভিতৰত ২জন নাবালক, ২ গৰাকী মহিলাও আছে। লোক কেইজনক দিল্লীৰ এটা ব্যক্তিগত কাৰখানাত চাকৰিৰ আশ্বাস দি অসমৰ বিভিন্ন স্থানৰ পৰা অনা হৈছিল বুলি অভিযোগ কৰা হৈছে। উদ্ধাৰ কৰা লোকসকলক পিছত পুনৰ্সংস্থাপনৰ বাবে সুৰক্ষা কৰ্মীয়ে ৰঙিয়া আৰক্ষীক গতাই দিয়ে।

আটকাধীন লোকসকলক ঘটনাস্থলীত সোধা-পোছা কৰাৰ পিছত, মহচিন আলী, নজৰুল আলী আৰু ৰেশ্মিন চুলতানা নামৰ তিনিজন সন্দেহযুক্ত মানৱ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছে। বিষয়টোৰ ওপৰত অধিক তদন্ত চলাই থকা হৈছে।

তদুপৰি অভিযানটোত বাসগৃহৰ পৰা দুখন ভুৱা পৰিচয় পত্ৰ, ১ টা পেন কাৰ্ড, ৮ টা মোবাইল ফোন আৰু পঞ্জীয়ন নম্বৰ অবিহনে ১ খন মটৰচাইকেল উদ্ধাৰ কৰা হয়। উপযুক্ত ধাৰাৰ অধীনত ৰঙিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে।