পেট্ৰ’লজাত সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে শুকুৰবাৰে ৰঙিয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ব্লক কংগ্ৰেছে। কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাৰ নেতৃত্বত কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৰঙিয়াৰ কংগ্ৰেছ ভৱনৰ পৰা ৰঙিয়া চহৰৰ মাজেৰে চাইকেল ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী মূৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি চৰকাৰবিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাই কয় যে বিজেপি চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ হৈছে। বিজেপিয়ে চৰকাৰ কৰাৰ পিছত ৰাইজে আশা কৰিছিল যে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে অন্যান্য বস্তুৰ মূল্যবৃদ্ধি ৰোধ হ’ব। কিন্তু বাস্তৱক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ ওলোটা ছবিহে দেখা গৈছে।
