ৰঙিয়াৰ ব্যক্তিগত বিদ্যালয়ৰ পৰীক্ষা গৃহত শিক্ষকে চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ৰঙিয়াৰ চাৰ্ছ পাব্লিক স্কুলৰ গণিত আৰু কম্পিউটাৰ বিষয়ৰ শিক্ষক নৱ ডেকাই শনিবাৰে বিদ্যালয়খনৰ পৰীক্ষা গৃহত চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰে। ৩০ বৰ্ষীয় শিক্ষকগৰাকীৰ ঘৰ কমলপুৰ সমষ্টিৰ বেজেৰাত।
শিক্ষকগৰাকীৰ আত্মহত্যাৰ কাৰণ এতিয়াও স্পষ্ট নহয় যদিও আৰ্থিক সংকটৰ বাবেই এনেদৰে আত্মহত্যাৰ পথ বাছি লোৱা বুলি সন্দেহ কৰিছে বিদ্যালয়ৰ সহকৰ্মী তথা স্থানীয় ৰাইজে। উল্লেখ্য যে, কোভিড মহামাৰীৰ বাবে সুদীৰ্ঘদিন ব্যক্তিগতখণ্ডৰ বিদ্যালয়খন বন্ধ হৈ থকাত তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছিল নৱ ডেকা।
