ৰঙিয়াত ডাম্পাৰৰ খুন্দাত মৃত্যু দুজনৰ, ক্ষুব্ধ ৰাইজে জ্বলাই দিলে ডাম্পাৰখন…

203

শনিবাৰে ৰঙিয়াত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুজন পথচাৰীৰ থিতাতে মৃত্যু ঘটা ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত।

খবৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে ৰঙিয়া তিনিআলিত। ঘটনাৰ প্ৰত্যক্ষদৰ্শী ওচৰৰ স্থানীয় ৰাইজে, দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জ্বলাই দিয়ে।

দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় দুজন লোক।

নিহত সকলক নাৰায়ণ গাঁৱৰ বাসিন্দা নাজিম আলী আৰু হাতীম আলী বুলি জানিব পৰা গৈছে।

এই ঘটনাত ক্ষুব্ধ হৈ স্থানীয় লোকে এই কাণ্ডৰ সৈতে জড়িত ডাম্পাৰখনত অগ্নিসংযোগ কৰাৰ লগতে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে।

ইফালে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ স্থানীয় আৰক্ষী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়।