ৰঙিয়াত আৰক্ষীৰ অভিযান। ৰঙিয়াত জব্দ ৮১ গ্ৰাম মাৰাত্মক ড্ৰাগছ সহ ১৩ লাখ ৫০ হাজাৰ টকা৷ ৰঙিয়াৰ তেতেলীগুৰীৰ ধৃত নাজিবুল হক ওৰফে ধনৰ ঘৰত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ নগদ ধন। ড্ৰাগছ খিনিৰ বজাৰ মূল্য ১০ লক্ষধিক টকা।ধৃত নজিবুল হক ওৰফে ধন ইয়াৰে পুৰ্বে মানব সৰবৰাহ, চুৰি আৰু ড্ৰাগছ ব্যৱসায় কৰাৰ অপৰাধত কেইবাবাৰো গ্ৰেপ্তাৰ হৈছে । ৰঙিয়া আৰক্ষী আৰু নলবাৰী আৰক্ষীৰ যৌথ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ নগদ ধন ।
