ৰঙিয়া মৰাণজান আজি দিনৰ ভাগত সংঘটিত হয় এক পথ দুৰ্ঘটনা । ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা দুৰ্ঘটনাটোত এজন পথচাৰি গুৰুতৰ ভাবে আহত হয় । ঘটনাৰ বিষয়ে জানিব পৰামত হোটেলত কৰ্মৰত এজন কৰ্মচাৰীয়ে মৰাণজানাত পথ অতিক্ৰম কৰিবলৈ লওতে গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে গৈ থকা ক’লা ৰংৰ XUV300 গাড়ী এখনে তীব্ৰগতিত খুন্দা মাৰে । মুহুৰ্তে ব্যক্তিজন পথৰ মাজতে চিটিকি পৰি গুৰুতৰ ভাবে আহত হয় । ইফালে ঘটনা সংঘটিত কৰিয়েই চালকজনে চাৰিচকীয়া বাহনখন লৈ পলায়ন কৰে । ঘটনাৰ কিছু মুহুৰ্তৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত ব্যক্তি গৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰে ।
