ৰঙাজান পথাৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ড্ৰাগছ দাহন কাৰ্যসূচী

68

ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে সমগ্ৰ ৰাজ্যত কেইবা কোটি টকা মূল্যৰ ড্ৰাগছ তথা অন্য নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

তেনে জব্দকৃত প্ৰায় ৩৬ কোটি টকা মূল্যৰ ড্ৰাগছ দেওবাৰে নগাঁৱৰ বঢ়মপুৰত মুখ্যমন্ত্ৰী আৰু আৰক্ষীৰ অন্য শীৰ্ষ বিষয়াৰ উপস্থিতিত দাহ কৰা হয়। দেওবাৰে বঢ়মপুৰৰ ৰঙাজান পথাৰত অনুষ্ঠিত এই ড্ৰাগছ দাহন কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে যুৱ প্ৰজন্মক পংগু কৰি তোলা এনে ড্ৰাগছৰ পৰা অসমক মুক্ত নকৰালৈকে অসম চৰকাৰ ক্ষান্ত নাথাকে। আইনৰ গণ্ডিত থাকি অপৰাধীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্ৰহণৰ বাবেও আৰক্ষীক অনুমতি প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। আনহাতে কোনো ৰাজনৈতিক হেঁচাই ড্ৰাগছৰ বিৰুদ্ধে চলা এই অভিযান বন্ধ কৰিব নোৱাৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

দেওবাৰে ৰঙাজান পথাৰত ৪ কেজি হেৰ’ইন, ৫ কেজি ব্ৰাউন ছুগাৰ, ২৯২ কেজি গাঞ্জা, ৯৭৯ গ্ৰাম অপিয়াম, ৭৮,৩৪০টা নিচাজাতীয় টেবলেট আৰু ৬ লাখ ৬৬ হাজাৰ ৩২৩টা কফচিৰাফ জ্বলাই দিয়া হয়।

এই ড্ৰাগছ দাহন কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ লগতে নগাঁৱৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভন আৰু নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ উপস্থিত থাকে।