ৰঙা মাটি কঢ়িওৱা অবৈধ ডাম্পাৰ জব্দ

378

লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত অধীনৰ বিভিন্ন প্ৰান্তত অসাধু লোকে নীতি বৰ্হিভূত ভাৱে চালান নোহোৱাকৈয়ে শিল বালি কঢ়িয়াই চৰকাৰক ৰাজহ ফাঁকি দি অহাৰ সমান্তৰালকৈ নম্বৰ প্লেটবিহীন ডাম্পাৰত নিশা নিশা পাহাৰৰ ৰঙা মাটি অবৈধভাৱে কঢ়িওৱা ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয় হাৰমতী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ খণ্ড বন বিষয়া ৰাতুল মহন্তৰ নেতৃত্বত এটি দলে। জানিব পৰা মতে , নিশা ভাগত অসম অৰুণাচল সীমান্ত বান্দৰদেৱাত কাটি থকা পাহাৰৰ ৰঙা মাটি নম্বৰপ্লেট নোহোৱা ডাম্পাৰৰ জৰিয়তে কঢ়িয়াই থকা হয়। আৰু ঘটনাৰ পম খেদি যোৱা দুটা দিনত খণ্ড বন বিষয়া ৰাতুল মহন্তৰ নেতৃত্বত এটি দলে চাৰিখনকৈ ৰঙা মাটি ভৰ্তি ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়। বন বিভাগৰ দলে গাড়ীকেইখন ৰখাবলৈ নিৰ্দেশ দিছিল যদিও চালকে গাড়ী নৰখোৱাৰ বাবে বন বিভাগৰ দলে খেদি খেদি ৰখাবলৈ সক্ষম হয় আৰু চালান নোহোৱাৰ বাবে গাড়ীকেইখন জব্দ কৰা বুলি জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন হৈছে, কেনেকৈ হাৰমতী বান্দৰদেৱাত নম্বৰ প্লেট নোহোৱাকৈ ডাম্পাৰ বাহন চলাচল কৰি থাকিবলৈ সক্ষম হৈছে? জিলা প্ৰশাসন তথা জিলা পৰিবহন বিভাগৰ দায়িত্বহীনতা নে গোপন বুজাবুজিৰ বাবেই এই ধৰণৰ ঘটনা হবলৈ পাইছে? ইয়াৰ পিছত জিলা প্ৰশাসনে কি ব্যৱস্থা লয়, সেইয়া লক্ষণীয় হ’ব।