শনিবাৰে তামিলনাডুৰ মাদুৰাইৰ ষ্টেচনৰ সমীপত ৰখাই থোৱা এখন পৰ্যটন ৰে’লত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। খবৰ অনুসৰি এই ঘটনাত প্ৰায় ৮ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় ২০ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। আহতসকলক মাদুৰাইৰ চৰকাৰী ৰাজাজী চিকিৎসালয়লৈ লৈ যোৱা হৈছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক আৰু উদ্ধাৰ অভিযান চলোৱা হয়। লক্ষ্ণৌৰ পৰা অহা ভাৰত গৌৰৱ পৰ্যটন ৰে’লখন মাদুৰাই ৰে’ল ষ্টেচনৰ পৰা কেইকিলোমিটাৰমান আগত ৰখাই থোৱা সময়ত এই ঘটনা সংঘটিত হয়। মৃতকৰ আত্মীয়ক ১০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰা হৈছে।
বৃহৎ অগ্নিকাণ্ডই আগুৰি ধৰা ৰে’লখনৰ ভয়ানক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। খবৰ অনুসৰি মাদুৰাইৰ ৰেল ষ্টেচনৰ কেইকিলোমিটাৰমান আগত ৰেলখন ৰখাই থোৱা অৱস্থাত ৰেলখনৰ এটা ডবাত অগ্নিকাণ্ড সংঘটিত হয় আৰু ৰেলখনৰ আন এটা ডবালৈ আৰু অধিক বিয়পি পৰে। জুই নিৰ্বাপন কৰিছে অগ্নিনিৰ্বাপক বাহিনীয়ে। ভিডিঅ’টোত দেখা গৈছে যে উদ্ধাৰকাৰীয়ে জুই নিৰ্বাপন কৰি ৰে’লৰ ডবাটোত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে।
অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে প্ৰাৰম্ভিক তদন্তৰ অন্তত কৰ্তৃপক্ষই দাবী কৰিছে যে ৰে’লখনৰ ভিতৰতে খাদ্য ৰান্ধিবলৈ গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰিছিল কম সংখ্যক যাত্ৰীয়ে। ইয়াৰ পিছতে এটা ডবাৰ পৰা আনটো ডবালৈ জুই বিয়পি পৰে। জুই লাগি যোৱা কম্পাৰ্টমেণ্টৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় অধিকাংশ যাত্ৰী। কিন্তু বৃদ্ধ যাত্ৰীসকল সময়মতে ৰে’লৰ পৰা পলায়ন কৰিব নোৱাৰি ডবাৰ ভিতৰত জ্বলি ছাই হৈ মৃত্যুক সাৱটি লয়।
মাদুৰাই জিলা উপায়ুক্তই নিশ্চিত কৰিছে যে ৰে’লত অগ্নিকাণ্ডৰ ফলত প্ৰায় ৮ জন লোকে প্ৰাণ হেৰুৱাইছে। তেওঁ আৰু কয় যে এই ঘটনাত প্ৰায় ২০ জন লোক আহত হৈছে।
