পুনৰ ৰকিবুলক আক্ৰমণ দুৰ্বৃত্তৰ!
আজি ৰকিবুল হুছেইন ৰূপহীহাটত দুৰ্বৃত্তৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।
উল্লেখ্য যে, গুণাবাৰীৰ কংগ্ৰেছ কৰ্মী সভালৈ গৈছিল সাংসদগৰাকী।

কেইবাজনো দুৰ্বৃত্তই মুখত ক’লা কাপোৰ বান্ধি সাংসদগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লয়।
তাৰ পিছতে আক্ৰমণ কৰে সাংসদ গৰাকীক।

এই ঘটনাত আহত হৈছে সাংসদগৰাকীৰ লগতে দেহৰক্ষীগৰাকী।
উল্লেখযোগ্য যে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰিত হৈছে যদিও অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।