ষ্টাফৰিপৰ্টাৰ, ১৩ জুন : শুকুৰবাৰে দিন-দুপৰতে নুনমাটিত হানি-খুচি হত্যা কৰা হ’ল ঋতুপৰ্ণ পেগু নামৰ এজন যুৱকক।কিন্তু স্বামীৰ মৃত্যুৰ পাছত এতিয়া ৯ মহীয়া সন্তানটিক বুকুত সাৱটি ঋতুপৰ্ণ পেগুৰ পত্নীৰ কৰুণ আৰ্তনাদ।”এতিয়া মোৰ কি হ’ব, কেনেকৈ জীয়াই থাকিম মই”–এইদৰে সন্তানটিক বুকুত সাৱটি আৰ্তনাদ কৰিছে ঋতুপৰ্ণ পেগুৰ পত্নী এলিনা পেগুৱে।৯মহীয়া কণমানি পুত্ৰক কোলাত লৈ এলিনা পেগুৰ এটাই দাবী হত্যাকাৰীক ফাঁচী দিলেহে মই শান্তি পাম,মোৰ স্বামীৰ আত্মাই শান্তি পাব।ইতিমধ্যে, ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাক অৰ্পণ কৰিছে।মুঠৰ ওপৰত এতিয়া সকলোৱে বিচাৰিছে ঋতুপৰ্ণ পেগুৱে ন্যায় পাওক।উল্লেখযোগ্য যে, মৃত ঋতুপৰ্ণ পেগুৰ ঘৰ গুৱাহাটীৰ জু ৰোডত।ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডক লৈ ইতিমধ্যে উত্তপ্ত হৈ পৰিছে নুনমাটি। বিভিন্ন শ-সংগঠনৰ প্ৰতিবাদত কঁপিছে নুনমাটিৰ ৰাজপথ।