৯ আগষ্টৰ ভাৰত ত্যাগ আন্দোলনৰ দিনাখনেই “ৰেল বচাওক-দেশ বচাওক” ধ্বনিৰে সমগ্ৰ দেশৰ ৰে’ল কৰ্মীৰ প্ৰতিবাদ

188

গুৱাহাটী:- অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচন (এ.আই.আৰ.এফ) ৰ আহ্বান মৰ্মে সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৱ সীমান্ত ৰেলৰ অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল, বেংগল, বিহাৰ আদি ঠাইত ভাৰত ত্যাগৰ আজিৰ বিশেষ দিনটোতে এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নে প্ৰতিবাদ দিৱস হিচাপে পালন কৰিলে।

এই উপলক্ষে এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা এ.আই.আৰ.এফৰ সভাপতি ৰাখাল দাসগুপ্তই কাকতলৈ প্ৰেৰণ কৰা এটা বিবৃতিত কয় যে, কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত আজি ৰেল কৰ্মীসকলে সমগ্ৰ দেশতে নিজ নিজ কৰ্মস্থলীত আৰু ৰেলৱে ষ্টেচন সমূহত মুখত মাস্ক পিন্ধি শাৰিৰীক দূৰত্ব বজাই ৰাখি হাতে হাতে প্লেকাৰ্ডলৈ “ৰেল বচাওক-দেশ বচাওক” ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদৰ অন্তত এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নৰ সদস্য সকলে ৰেল ব্যক্তিগতকৰণৰ বিৰোধীতাৰে আৰু প্ৰতিবাদস্থলীৰ ফটো ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰেলমন্ত্ৰীলৈ টুইটযোগে প্ৰেৰণ কৰে। কেৱল ইমানেই নহয় লকডাউন চলি থকাৰ সুযোগ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে যোৱা কেইমাহমানৰ ভিতৰতে একাধিক শ্ৰমিক বিৰোধী নীতি গ্ৰহণ কৰি দেশৰ যি অমংগল সাধনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, তাৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰো দিছে সৰ্বভাৰতীয় নেতাগৰাকীয়ে।

দাসগুপ্তই ৰেল ব্যক্তিগতকৰণৰ তীব্ৰ বিৰোধিতা কৰি কয় যে, দেশত সম্প্ৰতি ১৩,৪৫২খন যাত্ৰীবাহী , ৯,১৪১ খন মালবাহী গাড়ীৰ দ্বাৰা যাতায়তৰ সেৱা আগবঢ়াই আহিছে লক্ষ্য লক্ষ্য ৰেল শ্ৰমিকে। দৈনিক ২.৩০ কোটি ৰেল যাত্ৰী কঢ়িওৱা ভাৰতীয় ৰেল পৰিবহণ সেৱা এচিয়াৰ ভিতৰতে বৃহত্তম চৰকাৰী খণ্ড যিটো দক্ষতাৰে পৰিচালনা কৰি আহিছে ১.৪০ নিযুত বিভিন্ন শ্ৰেণীৰ কৰ্মচাৰীয়ে। দাসগুপ্তই আৰু কয় যে ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰেলৱেই ৬০১৪ কোটি টকা আয় কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে ৰেল যাতায়তৰ সেৱাই হৈছে দেশৰ কোটি কোটি দুখীয়া শ্ৰেণীৰ লোকৰ বাবে আটাইতকৈ কম খৰচী সেৱা, য’ত মাত্ৰ ১০ টকাতে প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বৰ যাত্ৰা অতিক্ৰম কৰিব পাৰে একোজন যাত্ৰীয়ে । ইমানৰ পিছতো ৰেলৱে খণ্ডক ব্যক্তিগত কোম্পানীৰ হাতত গটাই দিব ওলোৱা কাৰ্য্য এক দুৰ্ঘোৰ অন্যায় আৰু জনবিৰোধী নীতি বুলি নেতাগৰাকীয়ে অভিহিত কৰে। এই নীতি যদি প্ৰত্যাহাৰ কৰা নহয়, তেন্তে তাৰ দ্বাৰা দেশৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহেই অধিক ক্ষতিৰ সন্মুখীন হ’ব।

শ্ৰমিক নেতাজনে কয় যে ব্যক্তিগত কৰণৰ ফলত সাংঘাটিক ধৰণে যাত্ৰীৰ আৰু মালবস্তু কঢ়িওৱা ভাড়া বৃদ্ধি পাব । গতিকে জনসাধাৰণৰ আৰ্থিক দিশটোতো প্ৰত্যক্ষ প্ৰভাৱ পেলাব । বয়বস্তুৰ দাম বাঢ়িব, চৰকাৰী নিযুক্তি সম্পূৰ্ণ বন্ধ হৈ যাব আৰু ঠিকাভিত্তিক নিযুক্তিৰে ব্যক্তিগত পূজিপতিয়ে শ্ৰমিকক শোষণ কৰিব । বছৰি এক কোটি নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে দেশৰ শাসনভাৰ লোৱা বিজেপি চৰকাৰে ইতিমধ্যে নতুন নিযুক্তি বন্ধ কৰি খালী থকা পদৰ বিলুপ্তিকৰণেৰে নিবনুৱা সংস্থাপনৰ বাট চিৰদিনৰ বাবে বন্ধ কৰিছেই বুলি দাসগুপ্তই দাবী কৰে।

গুৰুত্বপূৰ্ণ কথা যে কল্যাণকামী ৰাষ্ট্ৰ এখনত ৰে’লৱেৰ জনসাধাৰণৰ প্ৰতি থকা সামাজিক দায়বদ্ধতাক লাভ লোকচানৰ মাপকাঠিৰে জোখাটো সমীচিন নহয় । এন.এফ.ৰেলৱে মজদুৰ ইউনিয়ন আৰু এ.আই.আৰ.এফে চৰকাৰৰ হঠকাৰী, জনবিৰোধী সিদ্ধান্তবোৰৰ বিৰোধিতা কৰি ইতিমধ্যে সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৱ সীমান্ত ৰেলৱেতো কেবালানিও আন্দোলনৰ কাৰ্যসূচী সফলতাৰে পালন কৰিছে বুলি প্ৰেছ বাৰ্তাটোত কোৱা হয় । ব্যক্তিগত কৰণৰ ফলত জনসাধাৰণৰ লগতে শ্ৰমিক -কৰ্মচাৰী সকলৰ আৰ্থিক, সামাজিক আদি বিভিন্ন দিশত প্ৰচুৰ ক্ষতি সাধন কৰিব আৰু এনে কাৰ্য গৰিহণাৰ যোগ্য বুলি নেতাগৰাকীয়ে কয় ।