৭৩ সংখ্যক গণৰাজ্য দিৱসত পৰিবেশন নগাঁৱৰ শিল্পীৰ সংস্কৃত গীত

76

ঋতুপৰ্ণ শৰ্মা, নগাঁও: বুধবাৰে ৭৩ সংখ্যক গণৰাজ্য দিৱসত বিভিন্ন ৰাষ্ট্ৰীয় আৰু প্ৰান্তীয় চেনেল তথা আকাশবাণী যোগে সংস্কৃত দেশভক্তিমূলক গীতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নগাঁৱৰ শিল্পী ৰঞ্জন বেজবৰুৱাৰ কণ্ঠত নিজা অনুবাদ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি “বিশ্ববিজয়ী ন-জোৱান” আৰু দিল্লীৰ জৱাহৰ লাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° নাৰায়ণ দত্ত মিশ্ৰৰ অনুবাদেৰে হিন্দী কবি শ্যামল গুপ্ত পাৰ্ষদ ৰচিত “বিজয়ী বিশ্ব ত্ৰিৰংগা প্যাৰা” গীতৰ সংস্কৃত ৰূপান্তৰ সম্প্ৰচাৰিত হয় । গীত দুটি সম্প্ৰচাৰিত হয় ই টিভি ভাৰতত।

উল্লেখযোগ্য যে জ্যোতি সংগীতৰ সৰ্বপ্ৰথম সংস্কৃত ৰূপান্তৰ “বিশ্ব বিজয়ী নৱ-যুৱন” শীৰ্ষক গীতৰ সহঃশিল্পী ৰূপে আছে নগাঁৱৰ সন্তোষ কলিতা আৰু স্নেহমীড়। সংগীত ব্যৱস্থাপনা অভিষেক ধৰৰ । গীতটিৰ ভিডিঅ’ পৰিচালনা দেৰগাঁৱৰ জোনমণি দেৱীৰ । বিশেষ তত্ত্বাৱধানত আছে কৃষ্ণ দুলাল বৰুৱা, দীপক কুমাৰ শৰ্মা আৰু ৱেদশিষ শৰ্মা ।

ইপিনে “বিজয়ী বিশ্ব ত্ৰিৰংগা প্যাৰা” শীৰ্ষক হিন্দী দেশপ্ৰেমৰ গীতটোৰ সংস্কৃত ৰূপান্তৰত শিল্পী ৰঞ্জন বেজবৰুৱাৰ লগত কণ্ঠদান কৰিছে কৃষ্ণা দাস, মনমিত মহন্ত আৰু নিভাৰাণী বৰাই । গীতটিৰ সংগীত ব্যৱস্থাপনা প্ৰাঞ্জল বৰাৰ ।

স্মৰ্তব্য যে ১৯৩৮ চনত হৰিপুৰা কংগ্ৰেছ অধিবেশনত পোনপ্ৰথমবাৰৰ বাবে পৰিবেশন হোৱা “বিজয়ী বিশ্ব ত্ৰিৰংগা প্যাৰা” গীতটিৰ প্ৰেৰণাদায়ক মহৎ ইতিহাস আছে । বাপুজীৰো প্ৰিয় এই গীতক নেতাজী সুভাষ চন্দ্ৰ বসুৱে “ঝণ্ডা গীত” বুলি আখ্যা দি গৈছে।