৭০০ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা DTO কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক দিতিমণি গগৈৰ বাসগৃহত উদ্ধাৰ ৯ লক্ষাধিক টকা…

365

উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা DTO কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক দিতিমণি গগৈৰ বাসগৃহত অভিযান।

ডিব্ৰুগড় DTO কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক দিতিমণি গগৈৰ বাসগৃহৰ পৰা জব্দ হ’ল ৯ লক্ষাধিক নগদ ধন।

বুধবাৰে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল দিতিমণি গগৈ আৰু দালাল পংকজ শইকীয়া।

৭০০ টকা উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হয় দুয়োজন।

ডিব্ৰুগড়ৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কনিষ্ঠ সহায়ক দিতিমণি গগৈৰ ফ্লেটত নিশা আৰক্ষীয়ে চলায় তালাচী।

পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ পৰা উদয়পুৰ ফ্লেটলৈ আনি আৰক্ষীয়ে চলায় তালাচী। আৰক্ষীৰ তালাচীত বহু পৰিমাণৰ ধন জব্দ হয়।

তদন্তকাৰী দলে দিতিমণি গগৈৰ বাসগৃহত তালাচী চলাই মুঠ ৯ লাখ ৩০ হাজাৰ টকা জব্দ কৰে।

আনহাতে পংকজ শইকীয়াৰ টেঙাখাতৰ বাসগৃহৰ পৰা বহু পৰিমাণৰ ড্ৰাইভিং লাইচেঞ্চ জব্দ কৰে অভিযানকাৰী দলে।