অভিশপ্ত বাঘজানৰ বি যি আৰ ৫ নং তৈল খাদত ২৭ মে’ৰ দিনটোত সংঘটিত হৈছিল এক প্ৰচণ্ড বিস্ফোৰণ। এই বিস্ফোৰণৰ পিছতেই খাদটোৰ পৰা অহৰহ ওলাই আছে তেল আৰু গেছ ।অইল ইণ্ডিয়া, তথা অ এন জি চি আৰু বিদেশৰ পৰা অহা বিশেষজ্ঞৰ দলে খাদটোৰ নিয়ন্ত্ৰণৰ বাবে নামি পৰাৰ পিছতো ২৮ টা দিনে নুমুৱাব পৰা নাই বাঘজানৰ সেই অভিশপ্ত খাদটোত দপদপাই জ্বলি থকা জুই কুৰা। এই ঘটনা সংঘটিত হোৱাৰ লগে লগে বাঘ জান বাসীয়ে নিজৰ আপোন ঘৰখন এৰি প্ৰায় ১২ টা আশ্ৰয় শিবিৰত দিন অতিবাহিত কৰিব লগীয়া হৈছে।খাদটোৰ পৰা প্ৰায় ১৩ টা দিনে নিৰ্গত হৈছে অহৰহ ভাবে তেল আৰু গেছ। ইয়াতে ৯জুনত সংঘটিত হোৱা বিস্ফোৰণৰ পিছতে বৃহত্তৰ বাঘজানত সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিৱেশৰ। গেছ আৰু তেলে চানি ধৰা বৃহত্তৰ বাঘ জান অঞ্চলকে ধৰি লগতে লাগি থকা ৭ খন কৈ গাঁও আৰু বিশ্ব বিখ্যাত মাগুৰি মতাপুং বিল আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থা তথৈবচ।
Latest article
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণযুক্ত তীখা খণ্ডত দখল কৰিছে ৩০ শতাংশ বজাৰ অংশীদাৰিত্ব
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণ যুক্ত ষ্টীল শাখাত প্ৰায় ৩০ শতাংশ অংশ দখল কৰি সৰ্বভাৰতীয় বজাৰত উপস্থিতি অধিক শক্তিশালী কৰিছে। একাধিক ষ্টীল প্ৰডাক্টৰ শিতানত...
ইণ্ডিয়া য়ুথ কাউন্সিলৰ শুভাৰম্ভণিৰ বাবে জেন গুডঅল ইনষ্টিটিউটক সমৰ্থন গড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ
গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে জেন গুডঅল ইনষ্টিটিউট (জেজিআই) ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব কৰি যুৱ ৰূপান্তৰকাৰীসকলক সবলীকৰণৰ মঞ্চ য়ুথ কাউঞ্চিল প্ৰগ্ৰাম আৰম্ভ কৰিছে। জেজিআইৰ বিশ্বব্যাপী ৰুটছ এণ্ড...
ভৰতপুৰ কৌশল মহোৎসৱত চাকৰি নিশ্চিত হ’ল ২৪০০ৰো অধিক যুৱক-যুৱতীৰ
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএচডিচি)ৰ দ্বাৰা আয়োজিত ভৰতপুৰ কৌশল মহোৎসৱ দেশৰ বিভিন্ন খণ্ডৰ শীৰ্ষ নিয়োগকৰ্তাৰ পৰা ২৪০০ৰো অধিক যুৱক-যুৱতীয়ে...